প্ৰথম বাৰৰ বাবে পঞ্চায়ত অসমৰ নিৰ্বাচনত ব্যৱহাৰ হ'ব ডিজিটেল ভোটাৰ তালিকা :

প্ৰথম বাৰৰ বাবে পঞ্চায়ত অসমৰ নিৰ্বাচনত ব্যৱহাৰ হ'ব ডিজিটেল ভোটাৰ তালিকা :

প্ৰথম বাৰৰ বাবে পঞ্চায়ত অসমৰ নিৰ্বাচনত ব্যৱহাৰ হ'ব ডিজিটেল ভোটাৰ তালিকা : 

Aiidesh News : 27 August 2023 :

আগন্তুক পঞ্চায়ত নিৰ্বাচন প্ৰক্ৰিয়াত স্বচ্ছতা আৰু দক্ষতা বৃদ্ধি কৰিবলৈ, অসম ৰাজ্যিক নিৰ্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচনৰ বাবে খচৰা ফটো ভোটাৰ তালিকা প্ৰস্তুত কৰিছে যদিও প্ৰথমবাৰৰ বাবে পঞ্চায়ত নিৰ্বাচনত সাধাৰণ মুদ্ৰিত তালিকাৰ সলনি ডিজিটেল ভোটাৰ তালিকা প্ৰৱৰ্তনৰ সিধান্ত গ্ৰহন কৰিছে ৷

অসমৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰস্তুত কৰা এই ভোটাৰ তালিকাত প্ৰায় ১.৭৬ কোটি ভোটাৰৰ নাম পঞ্জীয়ন কৰা বুলি অসম ৰাজ্যিক নিৰ্বাচনী আয়োগে জনাইছে ৷ ইয়াত ৰাজ্যৰ ৪০ খন জিলা আৰু উপ জিলাৰ ৮৯ লাখ পুৰুষ আৰু ৮৭ লাখ মহিলা ভোটাৰৰ নাম সন্নবিষ্ট কৰা হৈছে ৷  ৰাজ্যখনত এই ভোটাধিকাৰ সকলে পঞ্চায়ত নিৰ্বাচনত ৪২০ টা জিলা পৰিষদ সমষ্টি, ১৮৫ খন আঞ্চলিক পঞ্চায়ত, ২,১৯৫ খন গাওঁ পঞ্চায়ত আৰু ২১,৯৩৬ টা ৱাৰ্ডত মুঠ ২৩,৬৮৪ টা ভোট কেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব ৷

ৰাজ্যত ২৫ আগষ্টত প্ৰকাশিত খচৰা ফটো ভোটাৰ তালিকাত ষষ্ঠ অনুসূচী আৰু পৌৰ নিগমৰ এলেকাসমূহ বাদ দিয়া হৈছে আৰু ভাৰতীয় নিৰ্বাচন আয়োগে প্ৰদান কৰা  ই পি আই চি নম্বৰ ব্যৱহাৰ কৰি ভোটাৰে তেওঁলোকৰ নাম এই ভোটাৰ তালিকাত চাব পাৰিব বুলিও কোৱা হৈছে ৷ নিৰ্বাচনী আয়োগৰ মতে এই খচৰা ভোটাৰ তালিকা সম্পৰ্কত ভোটাৰ সকলে ২৮ আগষ্টৰ পৰা ১২ ছেপ্টেম্বৰলৈ নিজৰ দাবী আৰু আপত্তি উত্থাপন কৰাৰ ব্যৱস্থা কৰা হৈছে ।

পঞ্চায়ত ভোটাৰ তালিকাক ডিজিটেলি সক্ৰিয় কৰাৰ  বাবে  ৰাষ্ট্ৰীয় তথ্য কেন্দ্ৰৰ দ্বাৰা নিৰ্মিত ৱেব-আধাৰিত এপ্লিকেচন ছফ্টৱেৰ অনলাইন ইলেক্ট'ৰেল ৰোল মেনেজমেণ্ট চিষ্টেম (ওইআৰএমএছ)ৰ সহায় লোৱা হৈছে ৷ পঞ্চায়ত নিৰ্বাচনত নিৰ্বাচনী প্ৰক্ৰিয়া "স্বচ্ছ, সহজলভ্য আৰু বিশুদ্ধ কৰাৰ বাবেই প্ৰথম বাৰৰ বাবে এই ডিজিটেল ভোটাৰ তালিকাৰ ব্যৱস্থা কৰা হৈছে বুলি অসম ৰাজ্যিক নিৰ্বাচন আয়োগে জনাইছে ৷ লগতে অসমৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে এইয়া এক অগ্ৰণী প্ৰচেষ্টা বুলিও মন্তব্য কৰিছে ৷

পঞ্চায়ত নিৰ্বাচনত এই ডিজিটাইজড পদ্ধতিৰ সফলতা নিশ্চিত কৰিবলৈ অসম ৰাজ্যিক নিৰ্বাচনী আয়োগে ইতিমধ্যেই ৰাজ্যৰ জিলা আৰু মহকুমাৰ নিৰ্বাচনী বিষয়াসকলক প্ৰশিক্ষণ প্ৰদান কৰিছে ৷

*******