বোকাখাতৰ নৱ নিৰ্মিত লোকনিৰ্মান বিভাগৰ অতিথিশালাৰ নাম আপকুৰ প্ৰতিষ্ঠাপক সভপতি প্ৰয়াত সাংবাদিক ভৱেশ শইকীয়াৰ নামত কৰিবলৈ বোকাখাত প্ৰেছ ক্লাবৰ আহ্বান : কাৰ্য নিৰ্বাহকত সিধান্ত :

Aiidesh News : 11 March :
বোকাখাতৰ অগ্ৰনী সংবাদ সংগঠন বোকাখাত প্ৰেছ ক্লাবৰ এখন কাৰ্যনিৰ্বাহক সভা ১০ মাৰ্চত বোকাখাত নাট্যমন্দিৰত অনুষ্ঠিত হয় ৷ বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি জেষ্ঠ সাংবাদিক ভৱানন্দ কলিতাৰ পৌৰহিত্য আয়োজিত সভাৰ উদ্দেশ্য বাখ্যা কৰে ক্লাবৰ সম্পাদক উত্তম শইকীয়াই ৷ সভাত বোকাখাত প্ৰেছ ক্লাবৰ ড০ বাবুলাল মোৰ, মহেশ আগ্ৰৱাল, সুদিপ্ত তামুলী, ৰাজীৱ বৰা, কৈলাশ পাটোৱাৰী আদি সন্মানীয় সদস্য সকল উপস্থিত থাকে ৷ সভাত বোকাখাত নগৰত নিৰ্মানৰত লোক নিৰ্মান বিভাগৰ অতিথিশালাৰ নাম জনতাৰ প্ৰহৰী, আপকুৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত ভৱেশ শইকীয়াৰ নামত নামকৰণ কৰিবৰ বাবে অসমৰ মুখ্যমন্ত্ৰী আৰু সংশ্লিষ্ট বিভাগক অৱগত কৰিবৰ বাবে প্ৰস্তাৱ গ্ৰহন কৰে ৷ বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি জেষ্ঠ সাংবাদিক ভবানন্দ কলিতাক সাংবাদিক পেঞ্চন দিবৰ বাবে চৰকাৰক সভাই অনুৰোধ জনায় ৷
বোকাখাত প্ৰেছ ক্লাবৰ আগন্তুক অধিবেশন চলিত বৰ্ষৰ এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত অনুষ্ঠিত কৰাৰ উপৰিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক প্ৰেছ ক্লাবৰ সদস্য সকলক শিক্ষামুলক ভ্ৰমন বাবে আবেদন জনোৱাৰ সিধান্তৰ লগতে অসম চৰকাৰে অসম সৌৰভ বঁটাৰ বাবে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈ বোকাখাতৰ উমা ছেত্ৰীক নিৰ্বাচন কৰাৰ বাবে বোকাখাত প্ৰেছ ক্লাবৰ তৰফৰ পৰা উমা ছেত্ৰীক অভিনন্দনো জ্ঞাপন কৰে ৷
আজিৰ সভাতে বোকাখাত প্ৰেছ ক্লাবৰ ৩২ সংখ্যক প্ৰতিষ্ঠা দিৱসো বিশেষভাৱে উদযাপন কৰা হয় ৷ এই উপলক্ষে বোকাখাত প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাপক সম্পাদক মহেশ আগ্ৰৱালে প্ৰতিষ্ঠা কালৰ স্মৃতি ৰোমন্থন কৰাৰ লগতে জেষ্ঠ সদস্য ড৹ বাবুলাল মোৰে বিভিন্ন পৰামৰ্শ আগবঢ়ায় ৷ উল্লেখ্য যে বোকাখাত নগৰত নিৰ্মানৰত লোক নিৰ্মান বিভাগৰ অতিথিশালাৰ নাম জনতাৰ প্ৰহৰী, আপকুৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত ভৱেশ শকীয়াৰ নামত নামকৰণ কৰাৰ বাবে আপকুৰ গোলাঘাট জিলা সমিতিয়েও এক প্ৰস্তাৱ গ্ৰহন কৰি অসম চৰকালৈ ইতিমধ্যেই প্ৰেৰণ কৰিছে ৷
**********