কাকীত অনুষ্ঠিত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ৩২ সংখ্যক কেন্দ্ৰীয় শিশু, যুৱ আৰু আই-মাতৃ সমাৰোহত বোকাখাত জিলাৰ সাহিত্য শাখাৰ সাফল্য :
Aiidesh News : 10 November - 2025 :
হোজাই জিলাৰ কাকীত ৭ নৱেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসুচীৰে অনুষ্ঠিত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ৩২ সংখ্যক কেন্দ্ৰীয় শিশু, যুৱ আৰু আই-মাতৃ সমাৰোহত দেশৰ বিভিন্ন ৰাজ্যৰ প্ৰতিষ্ঠিত সঙ্ঘৰ জিলা শাখাৰ লগতে ৰাজ্যৰ খনৰ ৫০ ৰো অধিক জিলা শাখাৰ লাক্ষাধিক ভকত-বৈষ্ণৱৰ সমাগম হয় । এই অনুষ্ঠানত শিশু, যুৱ আৰু আই-মাতৃ শাখাত সাহিত্য আৰু সংস্কৃতিৰ পৃথক পৃথক মঞ্চত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ বোকাখাত জিলাৰ সাহিত্য শাখাই কেইবাটাও স্থান লাভ কৰিবলৈ সক্ষম হয় । এই সমাৰোহৰ কবিতা আবৃত্তি প্ৰতিযোগিতাৰ শিশু শাখাত বোকাখাতৰ অধিষ্ঠা শ্ৰুতি শইকীয়া প্ৰথম স্থান, যুৱ শাখাত মনময়ুৰী হাজৰিকাই দ্বিতীয় স্থান, থলিতে লিখা ৰচনা প্ৰতিযোগিতাৰ শিশু শাখাত আৰ্হি প্ৰিয়া বৰাই প্ৰথম স্থান আৰু কুইজ প্ৰতিযোগিতাৰ শিশু শাখাত এঞ্জেল তামুলী আৰু আৰ্হিপ্ৰিয়া শইকীয়াৰ দ’লে তৃতীয় স্থান লাভ কৰে ৷ প্ৰাদেশিক ভিত্তিত অনুষ্ঠিত এই প্ৰতিযোগিতাত জিলাখনলৈ এনে সাফল্য কঢ়িয়াই অনাত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ বোকাখাত জিলা শাখাৰ তৰফৰ পৰা প্ৰতিগৰাকী বিজয়ী প্ৰতিযোগীলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে ।
************







