কাৰ্বি ছাত্র সন্থাৰ ৬১ সংখ্যক প্রতিষ্ঠা দিৱস পালন

ক'ৰনাসৃষ্ট বাধ্য বাধকতাৰ  মাজেৰে মঙ্গলবাৰে সমগ্র কাৰ্বি আংলং জিলাতে কার্বি ছাত্র সন্থাৰ  ৬১সংখ্যক প্রতিষ্ঠা দিৱস পালন কৰা  হয়। ডিফুৰ  ৰংথেয়াংস্থিত কার্বি ছাত্র সন্থাৰ মুখ্য কার্যালয়ত মঙ্গলবাৰে এই উদ্দেশ্যে আয়ােজিত হােৱা এক বিশেষ অনুষ্ঠানত কৰ'নাৰ সম্পূৰ্ণ নীতি নিয়ম  পালন কৰি কাৰ্বি  ছাত্র সন্থাৰ  সভাপতি বিজয় বেয়ে পতাকা উত্তোলন কৰি কার্যসূচীৰ শুভাৰস্ত কৰে । ছাত্র সংগঠনটোৰ প্ৰতিষ্ঠা   দিৱসৰ  উপলক্ষে কেইবাজনাে বিশিষ্ট ব্যক্তি তথা ছাত্র সংগঠনটোৰ নেতা-কর্মীসকলৰ অংশগ্রহণেৰে  কেক কাটি প্রতিষ্ঠা দিৱসৰ আনুষ্ঠানিকতা পালন কবাৰ পিছতে সন্থাৰ সভাপতি বিজয় বেৰ সভাপতিত্বত এখনি সভা অনুষ্ঠিত কৰা হয়। কাঞ্চাছড়িকমৰ সভাপতি অজিত তিমুং উক্ত সভাত মুখ্য অতিথি  হিচাপে

উপস্থিত থকাৰ  বিপৰীতে কাঞ্চাছডিকমৰ সাধাৰণ সম্পাদক ছিং তিমুং আৰু কার্বি ছাত্র সন্থাৰ প্রাক্তন সভাপতি বিশেশ্বৰ হাঞ্চেই সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। প্রতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত কৰা সভাখনত কাৰ্বি আংলঙৰ  দীর্ঘদিনীয়া বাজনৈতিক দাবী স্বায়ত্ব শাসিত বাজ্যৰ দাবী সম্পর্কে আলােচনা কৰাৰ লগতে ছাত্র সংগঠনটোে বিগত সময়ছােৱাত গ্রহণ কৰি অহা ভূমিকাৰ লগতে সাম্প্রতিক সময়ৰ শিক্ষা ব্যৱস্থাৰ  বিভিন্ন সুবিধা-অসুবিধা সম্পর্কেও আলােচনা কৰা  হয়। সামাজিক মাধ্যমযোগে প্ৰেৰণ কৰা এক বাৰ্তাত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে জিলাখনত বহুধা বিভক্তহৈ থকা কাৰবি ছাত্ৰ সন্থাৰ আটাইকেইটা গোটক একেটা মঞ্চৰ পৰা জিলাখনৰ দীৰ্ঘদিনীয়া দাবী অনুচ্ছেদ ২৪৪( ক) ৰ সপক্ষে সংগ্ৰাম কৰিবলৈ আহ্বান জনায় ৷ ইয়াৰোপৰি জিলাখনত কাৰবি ছাত্ৰ সন্থা গঠন কৰা প্ৰতিষ্ঠাপক সভাপতি প্ৰতাপ চন্দ্ৰ টকবী আৰু সাধাৰণ সম্পাদক গান্ধীৰাম তিমুঙৰ প্ৰচেষ্ঠাক শলাগ লয় ৷ মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে বাৰ্তাটোত "শিক্ষাই জাতিৰ মেৰুদণ্ড" আখ্যা দি ছাত্ৰ - ছাত্ৰী সকলক জিলাখনৰ চুকে- কোণে গুণগত শিক্ষাৰ পৰিৱেশ গঢ়িবলৈ আহ্বান জনাইছে ৷