বোকাখাতত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেল : নিৰ্বাচনী ব্যৱস্থাপনাৰ পৰিদৰ্শন :

বোকাখাতত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেল  : নিৰ্বাচনী ব্যৱস্থাপনাৰ পৰিদৰ্শন  :
Aiidesh Photo

Aiidesh News  : 5 April - 2024  : 

আগন্তুক লোক সভা নিৰ্বাচনৰ প্ৰাকক্ষনত ১০ নং কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত ১০৫ নং বোকাখাত বিধানসভা সমষ্টিৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ প্ৰস্তুতিৰ বুজ ল’বলৈ আজি বোকাখাতত উপস্থিত হয় ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেল। মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে বোকাখাতত উপস্থিত হৈ প্ৰথামতে  নিৰ্বাচনৰ ৱেৰ হাউচ, ষ্ট্ৰং ৰুম আৰু ভোট গণনা কেন্দ্ৰ পৰিদৰ্শন কৰি  সকলো ব্যৱস্থাৰ বুজ লয় । ইয়াৰ পিচতে  বিষয়া গৰাকীয়ে বোকাখাত মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত বোকাখাত নিৰ্বাচনী জিলাৰ নিৰ্বাচন প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে বোকাখাতৰ জিলা নিৰ্বাচনী বিষয়া তথা অতিৰিক্ত জিলা আয়ুক্ত চিমী কৰণ, মহকুমা আৰক্ষী বিষয়া অতুল কুমাৰ, বোকাখাতৰ নিৰ্বাচনী বিষয়া পৰিস্মিতা দিহিঙ্গীয়া আৰু সহকাৰী আয়ুক্ত সকলৰ উপস্থিতিত এখন বৈঠকত মিলিত হয় । বোকাখাত নিৰ্বাচনী জিলাত আগন্তুক লোকসভা নিৰ্বাচন মুক্ত, নিকা, অংশগ্ৰহণমূলক, সুলভ, সৰ্বাংগীন, স্বচ্ছ আৰু শান্তিপূৰ্ণভাৱে  অনুষ্ঠিত কৰাৰ বাবে বৈঠকত আলোচনা কৰা হয় । বৈঠকত নিৰ্বাচনৰ বাবে  গঠিন কৰা বিভিন্ন কোষৰ কাম কাজৰো পৰ্যালোচনা কৰে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া গৰাকীয়ে ।

উল্লেখ্য যে বোকাখাত নিৰ্বাচনী জিলাত মুঠ ভোটাৰৰ সংখ্যা ১,৫৭,২৪৭ জন । ইয়াৰে ভিতৰত ৭৭,৪৫২ জন পুৰুষ ভোটাৰ হোৱাৰ বিপৰীতে ৭৯,৭৯৩ গৰাকী মহিলা ভোটাৰ আৰু ২ গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে । সমাগত লোক সভা নিৰ্বাচনত বোকাখাত নিৰ্বাচনী জিলাত মুঠ ১৮৭ টা ভোট গ্ৰহণ কেন্দ্ৰত এই সকল ভোটাৰে তেওঁলোকৰ মতদান কৰাৰ সুবিধা পাব৷  বোকাখাতত ৮০ বছৰ উৰ্ধৰ জ্যেষ্ঠ নাগৰিক ভোটাৰৰ সংখ্যা ১,৩৭১গৰাকী আৰু বিশেষ ভাৱে সক্ষম ভোটাৰৰ সংখ্যা ১,৭৬৫ গৰাকী ।

*********