শিশুৰ নিৰ্যাতনত অভিযুক্ত জখলাবন্ধা আৰক্ষী থানাৰ উপ পৰিদৰ্শক জয়ন্ত বৰা, তেওঁৰ পৰিবাৰ আৰু খুলখালী বোৱাৰীক গ্ৰেপ্তাৰ বোকাখাত আৰক্ষীৰ : অভিযুক্ত অৰ্ণৱ শইকীয়া ওৰফে বাবলু পলাতক :

শিশুৰ নিৰ্যাতনত অভিযুক্ত জখলাবন্ধা আৰক্ষী থানাৰ উপ পৰিদৰ্শক  জয়ন্ত বৰা, তেওঁৰ পৰিবাৰ আৰু খুলখালী বোৱাৰীক গ্ৰেপ্তাৰ  বোকাখাত আৰক্ষীৰ : অভিযুক্ত অৰ্ণৱ শইকীয়া ওৰফে বাবলু পলাতক  :

শিশুৰ নিৰ্যাতনত অভিযুক্ত জখলাবন্ধা আৰক্ষী থানাৰ উপ পৰিদৰ্শক  জয়ন্ত বৰা, তেওঁৰ পৰিবাৰ আৰু খুলখালী বোৱাৰীক গ্ৰেপ্তাৰ  বোকাখাত আৰক্ষীৰ : অভিযুক্ত অৰ্ণৱ শইকীয়া ওৰফে বাবলু পলাতক  :

Aiidesh News  : 6 August :

বোকাখাতৰ ম'হমাইকী গাওঁৰ নিজৰ বাসগৃহত বনকৰা ছোৱালী ১২ বছৰীয়া কন্যা শিশুক শাৰীৰিক আৰু মানসিক ভাৱে অত্যাচাৰ কৰাৰ অভিযোগত ৫ আগষ্টৰ নিশা বোকাখাত আৰক্ষীয়ে জখলাবন্ধা আৰক্ষী থানাত কৰ্মৰত আৰক্ষী উপ পৰিদৰ্শক জয়ন্ত বৰাক গ্ৰেপ্তাৰ কৰি ভাৰতীয় দণ্ডাবিধি আইনৰ ৩২৩/ ২২৬ আৰু ৩৪ ধাৰাৰ উপৰিও শ্ৰমিক আইনৰ ১৪ ধাৰাৰ লগতে  ২০১৫ চনৰ শিশুৰ যত্ন আৰু সুৰক্ষা আইনৰ অধীনত ১০৬ / ২৩ নম্বৰৰ এটা গোচৰ ৰজু কৰিছে ৷ আৰক্ষী উপ পৰিদৰ্শক জয়ন্ত বৰাৰ পৰিবাৰ বনশ্ৰী বৰা আৰু খুলখালী বোৱাৰী দীপশিখা শইকীয়াকো গ্ৰেপ্তাৰ কৰে যদিও ভাষ্য গ্ৰহনৰ পিচত স্ব জামিনত দুয়োকে যাবলৈ দিয়ে ৷ ইফালে শিশু নিৰ্যাতন ঘটনাৰ আন এক অভিযুক্ত জয়ন্ত বৰাৰ খুলখালী অৰ্ণৱ শইকীয়া ওৰফে বাবলু শইকীয়াক এতিয়াও কৰায়ত্ব কৰিব পৰা নাই বোকাখাতৰ আৰক্ষীয়ে ৷ আজি বিয়লি বোকাখাতৰ আৰক্ষীয়ে শিশু নিৰ্যাতনত অভিযুক্ত জয়ন্ত বৰাক বিশেষ আদালতত হাজিৰ কৰায় ৷ আদালতত হাজিৰ কৰাৰ পিচত বোকাখাত আৰক্ষীয়ে জনোৱা আবেদনৰ ভিত্তিত অভিযুক্ত জয়ন্ত বৰাক দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে আদালতে  ৷ 

নিজৰ বাসগৃহত বনকৰা ছোৱালী হিচাবে ৰখা বোকাখাত মহকুমাৰ গেলেকীৰ মাতৃহাৰা ১২ বছৰীয়া এটি শিশুক আৰক্ষী উপ পৰিদৰ্শক জয়ন্ত বৰাৰ পৰিয়ালৰ সদস্যই অমানুষিক অত্যাচাৰ চলাই আহিছিল ৷ ২ আগষ্টৰ দিনাও বনকৰা শিশুটিৰ ওপৰত শাৰিৰীক অত্যাচাৰ চলাই চুলি কাটি তামোল গছত নিশা বান্ধি থৈছিল জয়ন্ত বৰাৰ পৰিয়ালে ৷ নিশা নিজকে বন্ধনমুক্ত কৰি শিশুটিয়ে জয়ন্ত বৰাৰ বাসগৃহৰ চৌহদৰ পৰা পলাই বোকাখাতৰ কান্ধুলিমাৰী গাওঁত থকা নিজৰ পেহাকৰ বাসগৃহত উপস্থিত হয় ৷ নিৰ্যাতিতা শিশুটিৰ পৰিয়ালে ৩ আগষ্টৰ দিনা শিশুটিৰ ওপৰত অত্যাচাৰ কৰা জয়ন্ত বৰা আৰু তেওঁ পৰিয়ালৰ সদস্যৰ ওপৰত বোকাখাত আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ৷ এই এজাহাৰৰ আধাৰতেই বোকাখাতৰ আৰক্ষীয়ে আৰক্ষী উপ পৰিদৰ্শক জয়ন্ত বৰা, তেওঁৰ পৰিবাৰ বনশ্ৰী বৰা, খুলখালীৰ বোৱাৰী দীপশিখা শইকীয়াক আটক কৰি বোকাখাত থানালৈ আনে যদিও জয়ন্ত বৰাৰ খুলখালী আৰু শিশু নিৰ্যাটন ঘটনাৰ অন্যতম অভিযুক্ত অৰ্ণৱ শইকীয়া ওৰফে বাবলু শইকীয়াই পলায়ন কৰে বুলি জানিব পৰা গৈছে ৷

দুৰ্নীতি পৰায়ণ আৰু অপৰাধত জড়িত আৰক্ষী বিষয়াৰ ওপৰত সততে কঠোৰ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে এতিয়া শিশু নিৰ্যাতনকাৰী আৰক্ষী উপ পৰিদৰ্শক জয়ন্ত বৰাৰ ক্ষেত্ৰত কেনে ব্যৱস্থা লয় সি হ'ব লক্ষনীয় ৷ কিয়নো ঘটনাৰ সন্দৰ্ভত নিৰ্যাতিত শিশুটিয়ে ন্যায় পোৱাতো বিচাৰিছে বোকাখাত বাসীয়ে  ৷