বোকাখাতত মন্ত্ৰী অতুল বৰা আৰু কাজিৰঙাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাৰ উপস্থিতিত ধৰতি আবা জনভাগীদাৰী সজাগতা অভিযান :

বোকাখাতত মন্ত্ৰী অতুল বৰা আৰু কাজিৰঙাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাৰ উপস্থিতিত ধৰতি আবা জনভাগীদাৰী সজাগতা অভিযান :
Aiidesh Photo
বোকাখাতত মন্ত্ৰী অতুল বৰা আৰু কাজিৰঙাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাৰ উপস্থিতিত ধৰতি আবা জনভাগীদাৰী সজাগতা অভিযান :

Aiidesh News  :  8 July - 2025  :

দেশৰ পিছ পৰা জাতি জনগোষ্ঠী সমূহৰ আৰ্থ-সামাজিক উন্নয়ণৰ বাবে কাৰ্যকৰী হৈছে ধৰতি আবা জনভাগীদাৰী সজাগতা অভিযান । জনজাতি সকলৰ সৈতে কৈৱৰ্ত আৰু পিছপৰা জাতি সমূহৰ সৰ্বাংগীন উন্নতিৰ বিভিন্ন আঁচনি গ্ৰহণ কৰিছে চৰকাৰে । এই অভিযানেৰে দেশৰ মুঠ ৫৪৯ জিলাৰ ৬৩ হেজাৰ খনতকৈও অধিক জনজাতীয় গাওঁ সামৰা হৈছে ৷ এই অভিযানৰ লগতে লাভালাভ সংপৃক্ততা অভিযানেৰে আকৌ দেশৰ ২০৭ খন জিলাৰ ২৯ হেজাৰৰো অধিক বিশেষভাৱে দুৰ্বল জনজাতীয় গোটৰ ঘৰ সামৰি ল’ব জানিব পৰা গৈছে । জনজাতীয় নেতা বীৰ বিৰচা মুণ্ডাৰ সোঁৱৰণত দেশ জুৰি আৰম্ভ হোৱা ৩০ দিনীয়া এই সজাগতা অভিযানৰ অংশ হিচাপে ৭ জুলাইত বোকাখাততো বিশেষ সজাগতা সভা অনুষ্ঠিত হয় ৷

বোকাখাতৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত থকা ৰাজহুৱা প্ৰেক্ষাগৃহত ৭ জুলাইত অনুষ্ঠিত হোৱা ধৰতি আবা জনভাগীদাৰী অভিযানৰ সজাগতা সভাত  অনুষ্ঠানত মুখ্য অতিথি হিচাপে কৃষি মন্ত্ৰী তথা বোকাখাতৰ বিধায়ক অতুল বৰা আৰু সন্মানীয় অতিথি হিচাপে কাজিৰঙাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, ভাৰতীয় জনতা পাৰ্টী, অসম গন পৰিষদ , সন্মিলিত গণ শক্তিৰ স্থানীয় নেতৃবৃন্দ, বোকাখাত পৌৰসভা আৰু পঞ্চায়তৰ প্ৰতিনিধি, বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে । 

বোকাখাত সমজিলাৰ আয়ুক্ত শিৱানী জাৰ্নগেলয়ে উদ্বোধন ভাষণ প্ৰদান কৰা অনুষ্ঠানত কৃষি মন্ত্ৰী অতুল বৰাই এই আঁচনিখনৰ উপকাৰিতাৰ বিষয়ে অৱগত কৰাৰ লগতে ব্যাখ্যা কৰাৰ লগতে বোকাখাতৰ প্ৰতিটো জনজাতীয় অঞ্চলত এনে সজাগতা সভা আয়োজনৰ বাবেও আহ্বান জনায় ৷ এই সজাগতা সজাগতাৰ সভাবোৰত পঞ্চায়তৰ প্ৰতিনিধি সকলক জড়িত কৰিবৰ বাবেও বোকাখাত সমজিলা প্ৰশাসনক অতুল বৰাই আহ্বান জনায় ৷ 

***********