বিলাসী স্ক্ৰপিঅ' গাড়ীৰ ভিতৰৰ পৰা উদ্ধাৰ ৬ টাকৈ গৰু : বোকাখাত আৰক্ষীৰ অভিযানত আটক দুই গৰুৰ চোৰাং ব্যৱসায়ী :

বিলাসী স্ক্ৰপিঅ' গাড়ীৰ ভিতৰৰ পৰা উদ্ধাৰ ৬ টাকৈ গৰু  : বোকাখাত আৰক্ষীৰ অভিযানত আটক দুই গৰুৰ চোৰাং ব্যৱসায়ী  :
Aiidesh photo

বিলাসী স্ক্ৰপিঅ' গাড়ীৰ ভিতৰৰ পৰা উদ্ধাৰ ৬ টাকৈ গৰু  : বোকাখাত আৰক্ষীৰ অভিযানত আটক দুই গৰুৰ চোৰাং ব্যৱসায়ী  :

Aiidesh News : 25th October  :

এখন বিলাসী স্ক্ৰপিঅ' গাড়ীৰ ভিতৰত অতি নিষ্ঠুৰ ভাৱে সোমোৱাই অনা ৬ টাকৈ গৰু সহ দুজন লোকক আজি বিয়লি আটক কৰিছে বোকাখাতৰ যান বাহন আৰক্ষীয়ে ৷ এক গোপন সুত্ৰৰ আধাৰত বোকাখাতৰ মাজেদি যোৱা ৩৭ নং ৰাষ্ট্ৰীয় পথেৰে যোৰহাটৰ দিশৰ পৰা নগাওঁলৈ বুলি অহা এ এছ ০১ জেড - ৩৯২১ নম্বৰৰ এখন বগা ৰংৰ স্ক্ৰপিঅ' গাড়ীখনক বোকাখাত নগৰতে ৰখাবৰ বাবে নিৰ্দেশ দিয়ে যান বাহন আৰক্ষীয়ে ৷ আৰক্ষীৰ উপস্থিতিত পথৰ ওপৰতে গাড়ী ৰখাই পলাবলৈ চেষ্টা কৰা গাড়ীখনৰ চালক আৰু এজন কিশোৰক আটক কৰে আৰক্ষীৰ অভিযানকাৰী দলে ৷  ধৃত লোক দুজন নগাওঁ জিলাৰ চামগুৰিৰ  জানাতুল হক আৰু ছহিদুল ইছলাম বুলি জানিব পৰা গৈছে ৷

ইফালে জব্দ কৰা গাড়ীখনৰ ভিতৰত পৰা হাত মুখ বান্ধি অতি নিষ্ঠুৰ ভাৱে ভৰাই অনা ৬ টা গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয় বোকাখাত আৰক্ষীয়ে ৷ 

বিলাসী স্ক্ৰপিঅ' গাড়ীৰ ভিতৰৰ পৰা ৬ টাকৈ গৰু উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ বোকাখাততে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ এখন স্ক্ৰপিঅ' গাড়ীত নিষ্ঠুৰ ভাৱে ৬ টাকৈ গৰু ভৰাই অনা ধৃত লোক দুজনক উচিত শাস্তি প্ৰদান কৰিবৰ বাবে দাবী জনাইছে ঘটনাতো প্ৰত্যক্ষ কৰা লোক সকল  ৷ ঘটনাৰ সম্পৰ্কত অধিক তথ্যৰ বাবে ধৃত লোক দুজনক জেৰা কৰি আছে আৰক্ষীয়ে ৷

******