বোকাখাতৰ বৰভেটা গাওঁত হাতীৰ অগ্ৰাসন প্ৰতিৰোধ কৰাৰ বাবে সৌৰ চালিত বৈদ্যুতিক বেঁৰা নিৰ্মান : ৰাইজে শ্ৰমদান কৰি নিৰ্মান কৰা এই বেৰাৰ সমুহ সঁজুলি বিনামুলীয়াকৈ যোগান ধৰিছে বিশ্ব প্ৰকৃতি নিধিয়ে :

 

Aiidesh News  :  10 December  2023  :

বোকাখাতৰ মহকুমাত থকা কাৰ্বি আলং জিলাৰ সীমান্তৰ বৰভেটা গাওঁত হাতীৰ অগ্ৰাসন প্ৰতিৰোধৰ বাবে আজিৰে পৰা গাওঁ বাসীয়ে সৌৰচালিত বৈদ্যুতিক তাঁৰৰ বেৰা নিৰ্মানৰ কাম আৰম্ভ কৰিছে ৷ কাৰ্বি আংলং জিলাৰ পাহাৰৰ পৰা নামি অহা হাতীৰ জাকৰ পৰা পথাৰৰ পকা ধানৰ লগতে জন জীৱনৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বৰভেটা গাওঁৰ জন সাধাৰণে কাজিৰঙা কৃষি আৰু পৰ্যটন বিকাশ সমবায় সমিতি আৰু গাওঁখনৰ পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ উদ্যোগত কাৰ্বি পাহাৰৰ নামনিত গাওঁৰ সীমাত ৪ কিলোমিটাৰ দৈঘ্যৰ এই বৈদ্যুতিক তাঁৰৰ বেৰা নিৰ্মানৰ বাবে আজি শ্ৰম দান কৰে ৷ বৰভেটা গাওঁখনৰ এই ৪ কিলোমিটাৰ সৌৰ চালিত বৈদ্যুতিক তাঁৰৰ বেৰা নিৰ্মানৰ সমুহ সঁজুলি গাওঁ খনৰ পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ অনুৰোধত বিনামুলীয়াকৈ যোগান ধৰে বিশ্বৰ আগশাৰীৰ প্ৰকৃতি সংগঠন বিশ্ব প্ৰকৃতি নিধিয়ে যোগান ধৰিছে ৷

আজি পুৱা গাওঁখনৰ সীমাতে সমবেত গাওঁবাসীক সৌৰ চালিত বৈদ্যুতিক তাঁৰৰ বেৰা নিৰ্মানৰ প্ৰাৰম্ভিক প্ৰশিক্ষণো প্ৰদান কৰা হয় ৷ বিশ্ব প্ৰকৃতি নিধিৰ হৈ সংগঠনটোৰ সমন্বয়ক ডেভিড স্মিথ আৰু দিব্যজ্যোতি বৰাই এই প্ৰশিক্ষন প্ৰদান কৰি অঞ্চলটোত এই বেৰা নিৰ্মানৰ কাম আৰম্ভ কৰে ৷ প্ৰশিক্ষনৰ পিচতেই এক মাংগলিক কাৰ্যসুচীৰে খুটা সংস্থাৰপন কৰি বেৰা নিৰ্মানৰ কাম আৰম্ভ কৰে গাওঁবাসীয়ে ৷ অনুষ্ঠানত ডেভিদ স্মিথ আৰু দিব্যজ্যোতি বৰাৰ উপৰিও জেষ্ঠ সাংবাদিক তথা পৰিবেশ কৰ্মী উত্তম শইকীয়া,  বোকাখাত বনাঞ্চলৰ বনাঞ্চলিক বিষয়া মনজিত সোনোৱাল,  উপ বনাঞ্চলিক বিষয়া অচ্যুত কৃষ্ণ গগৈ, জৱহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰী পদ্মজা তালুকদাৰ, গাওঁখনৰ জেষ্ঠ নাগৰিক শংকৰ কৰ্মকাৰ, ধৰ্মেশ্বৰ কুৰ্মী, ৰঞ্জন ঘোষ, পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ সভাপতি মন্টু কৰ্মকাৰ,  সমবায় সমিতিৰ হৈ টংকেশ্বৰ কৰ্মকাৰ, সম্পাদক লোকনাথ মুণ্ডা, গাওঁ প্ৰধান বিজয় ৰাজোৱাৰৰ উপৰিও স্থানীয় বিশিষ্ট লোক সকলো উপস্থিত থাকে ৷ অনুষ্ঠানত শংকৰ কৰ্মকাৰে মাংগলিক অনুষ্ঠানেৰে খুটা সংস্থাপন কৰি বেৰা নিৰ্মানৰ কাৰ্যসুচী আৰম্ভ কৰে ৷

উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নৱ নিযুক্ত সঞ্চালক ড৹ সোনালী ঘোষৰ বিশেষ তৎপৰতাত বিশ্ব প্ৰকৃতিনিধিয়ে অতি তাৎক্ষণিক ভাৱে ৪ কিলোমিটাৰ দৈঘ্যৰ এই বেৰা নিৰ্মানৰ বাবে বিনামুলীয়াকৈ সামগ্ৰীৰ যোগান ধৰাৰ বাবে স্থানীয় গাওঁবাসীৰ তৰফৰ পৰা কাজিৰঙাৰ সঞ্চালক ড৹ সোনালী ঘোষক ধন্যবাদ জনোৱাৰ উপৰিও বিশ্ব প্ৰকৃতি নিধিৰ সমন্বয়ক ডেভিড স্মিথ আৰু পকিবেশ কৰ্মী উত্তম শইকীয়াক আজিৰ অনুষ্ঠানতে ফুলাম গমোছাৰে কৃতজ্ঞতা জনোৱা হয় ৷ আজিৰে পৰা বেৰা নিৰ্মানৰ কাম আৰম্ভ কৰা বৰভেটা গাওঁৰ সীমাত এই সৌৰ চালিত বৈদ্যুতিক বেৰা নিৰ্মান সম্পুৰ্ণ হলে গাওঁখনৰ লগতে বোকাখাতৰ দক্ষিণ পশ্চিম দিশৰ বহু গাওঁ হাতীৰ অগ্ৰাসনৰ পৰা ৰক্ষা পৰিব ৷

***********