আই এম এফৰ পৰামর্শদাতা সমিতিত ৰঘুৰাম ৰাজন

আই এম এফৰ  পৰামর্শদাতা সমিতিত ৰঘুৰাম ৰাজন
ৰঘুৰাম ৰাজন

আন্তঃৰাষ্ট্রীয় বিত্ত নিধিৰ (আই এম এফ) পৰিচালন সঞ্চালক ক্রিষ্টিনা জার্জিয়েভাই ভাৰতীয় ৰিজার্ভ বেংকৰ (আৰ বি আই) প্রাক্তন গভর্নৰ ৰঘূৰাম ৰাজন আৰু আন ১১জন অর্থনীতিবিদক তেওঁৰ বৈদেশিক পৰামর্শদাতা গোটৰ (এক্সটার্নেল এডভাইজৰি গ্রুপ) সদস্য হিচাপে কালি নিযুক্তি দিয়ে৷

এই গোটটোৱে কৰ’না ভাইৰাছৰ মহামাৰীৰ কাৰণে বর্তমান বিশ্বৰ সন্মুখত দেখা দিয়া অগতানুগতিক প্রত্যাহবানসমূহ দূৰ কৰাৰ উপায়, গুৰুত্বপূর্ণ ঘটনাৱলী আৰু নীতিগত বিষয়ত আই এম এফৰ এম ডিক পৰামর্শ দিব৷

উল্লেখযোগ্য যে ৫৭ বছৰ বয়সীয়া ৰাজন ২০১৬ চনৰ ছেপ্টেম্বৰলৈকে তিনি বছৰ আৰ বি আইৰ গভর্নৰ আছিল আৰু বর্তমান তেওঁ চিকাগো ইউনিভার্ছিটিৰ অর্থনীতিৰ অধ্যাপক হিচাপে কাম কৰি আছে৷

আন ১১জন উপদেষ্টাৰ ভিতৰত উল্লেখযোগ্য হ’ল অষ্ট্রেলিয়াৰ প্রাক্তন প্রধানমন্ত্রী কেভিন ৰাড৲ আৰু এম আই টিৰ অধ্যাপক ক্রিষ্টিন ফর্বছ৷ নতুন দিল্লীৰ পৰা পোৱা আন এটা বাতৰি মতে, এন ডি টিভিৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত ৰাজনে ইংগিত দিয়ে যে কভিড-১৯ মহামাৰীৰ কাৰণে উদ্ভৱ হোৱা অর্থনৈতিক সংকটৰ মোকাবিলা কৰিবৰ বাবে ভাৰতে যদি তেওঁৰ সহায় বিচাৰে তেন্তে তেওঁ সহায় কৰিবলৈ ইচছুক৷