ৰয়েল ৰংহাঙ হত্যাকাণ্ড : তিনিদিনৰ পিচতো হত্যাকাৰীক কৰায়ত্ব কৰাত ব্যৰ্থ আৰক্ষী : দ্বিতীয় দিনৰ বাবে বোকাখাত থানাত কাৰ্বি সংগঠনৰ প্ৰতিবাদ :

ৰয়েল ৰংহাঙ হত্যাকাণ্ড : তিনিদিনৰ পিচতো হত্যাকাৰীক কৰায়ত্ব কৰাত ব্যৰ্থ আৰক্ষী : দ্বিতীয় দিনৰ বাবে বোকাখাত থানাত কাৰ্বি সংগঠনৰ প্ৰতিবাদ  :
Aiidesh Photo

Aiidesh News  : 28 March  - 2024  :

বোকাখাত কাৰ্বি আংলং সীমান্তৰ কাকচাংত ৰয়েল ৰংহাংৰ লোমহৰ্ষক হত্যাকাণ্ডৰ তিনিটা দিন পাৰহৈ যোৱাৰ পিচতো হত্যাকাৰীক কৰায়ত্ব কৰিব পৰা নাই বোকাখাত আৰক্ষীয়ে । ৰয়েল ৰংহাঙৰ হত্যাকাৰীক কৰায়ত্ব কৰাত বিফল হোৱা বোকাখাত আৰক্ষীৰ বিৰুদ্ধে আজি পুনৰ শতাধিক কাৰ্বি জনসাধাৰণে বোকাখাত আৰক্ষী থানাৰ প্ৰৱেশ দ্বাৰ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ ২৪ মাৰ্চৰ নিশা বোকাখাত - কাকচাঙ পথত চলন্ত গাড়ীৰ ভিতৰতে অজ্ঞাত আততায়ীয়ে ডিঙি কাটি অতি নৃশংসভাৱে হত্যা কৰিছিল ৰয়েল ৰংহাঙ নামৰ যুৱক জনক ৷ পিচত নিজৰ AS09-5343 নম্বৰৰ নীলা ৰঙৰ মাৰুতী ফৰ্নচ গাড়ীখনৰ চালকৰ আসনতে ডিঙি কটা অৱস্থাত উদ্ধাৰ হৈছিল ৰয়েল ৰংহাংৰ ৰক্তাক্ত মৃতদেহ ৷ এই লোমহৰ্ষক হত্যাকাণ্ডই জোকাৰি গৈছিল কাৰ্বি আংলং আৰু বোকাখাতক ৷ 

ইয়াৰ পিচতেই ৰয়েল ৰংহাঙৰ হত্যাকাৰীক কৰায়ত্ব কৰি দৃষ্টান্তমুলক শাস্তিৰ দাবীত ২৫ মাৰ্চৰ পুৱা বোকাখাত আৰক্ষী থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল শতাধিক কাৰ্বি প্ৰতিবাদকাৰীয়ে ৷ এই প্ৰতিবাদত বোকাখাত আৰক্ষীয়ে হত্যাকাৰীক কৰায়ত্ব কৰাৰ বাবে তিনিদিনৰ সময় বিচৰিছিল ৷ আজি নিৰ্ধাৰিত তিনিটা দিন উকলি যোৱাৰ পিচতো ৰয়েল ৰংহাঙৰ হত্যাকাৰীক কৰায়ত্ব কৰা বোকাখাত আৰক্ষী বিফল হোৱাৰ বাবে আজি পুনৰ শতাধিক  কাৰ্বি লোকে বোকাখাত আৰক্ষী থানা ঘেৰাও কৰি  প্ৰতিবাদ সাব্যস্ত কৰে ৷ অসম পুলিচ হায় হায়,  আমাক ন্যায় লাগিবই, ৰয়েল ৰংহাঙৰ হত্যাকাৰীক ফাণচি দিয়ক আদি ধ্বনিৰে প্ৰতিবাদকাৰীয়ে থানা চৌহদ উত্তাল কৰি তোলে ৷ পিচত গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে অচিৰেই ৰয়েল ৰংহাঙৰ হচ্যাকাৰীক কৰায়ত্ব কৰা হ'ব বুলি প্ৰতিবাদকাৰী সকলক প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ আমি হত্যাকাণ্ডটোৰ ক্লু পাইছো, গতিকে হত্যাকাৰীক কৰায়ত্ব কৰা হ'ব বুলি আৰক্ষী বিষয়া গৰাকীয়ে দিয়া প্ৰতিশ্ৰুতিৰ পিচতেই প্ৰতিবাদ স্থগিত ৰখা হয় যদিও ইয়াৰ অন্যথা প্ৰতিবাদকাৰী সকলে ধাৰাবাহিক ভাৱে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি আৰক্ষী বিষয়া গৰাকীক অৱগত কৰে  ৷

*********