গোলাঘাট জিলাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এলেকাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথাংশত জিলা প্ৰশাসনৰ ১৪৪ ধাৰা জাৰি : এই পথাংশৰ দাঁতিত গধুৰ যানবাহন ৰখোৱাত নিষেধাজ্ঞা আৰোপ :

গোলাঘাট জিলাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এলেকাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথাংশত জিলা প্ৰশাসনৰ ১৪৪ ধাৰা জাৰি : এই পথাংশৰ দাঁতিত গধুৰ যানবাহন ৰখোৱাত নিষেধাজ্ঞা আৰোপ  :
Aiidesh Photo

 

গোলাঘাট জিলাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এলেকাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথাংশত জিলা প্ৰশাসনৰ ১৪৪ ধাৰা জাৰি : এই পথাংশৰ দাঁতিত গধুৰ যানবাহন ৰখোৱাত নিষেধাজ্ঞা আৰোপ  : 

Aiidesh News : 10 July 2023 : 

গোলাঘাট জিলাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এলেকাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত গধুৰ যানবাহন বিশেষকৈ ট্ৰাকসমূহ ৰখাই থোৱাৰ ফলত সৃষ্টি হোৱা অবাঞ্চিত যান-যঁট, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ  এনিমেল ক'ৰিডৰ বোৰত হ'ব পৰা অপ্ৰয়োজনীয় জনসমাগম, জীৱ-জন্তুৰ সম্ভাব্য ক্ষয়-ক্ষতি, বাৰিষাৰ বতৰত জীৱ-জন্তুৰ সুৰক্ষা সুনিশ্চিত কৰা, বন্যপ্ৰাণীসমূহে ওখ স্থানলৈ যোৱাত যাতে বাধাৰ সৃষ্টি নহয় আৰু সম্ভাব্য দুৰ্ঘটনা ৰোধ কৰাৰ প্ৰতি লক্ষ্য ৰাখি হালধিবাৰীৰ পৰা অগৰাতলীলৈকে, পানবাৰী আৰু হালধিবাৰী এনিমেল ক'ৰিডৰকে ধৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এলেকাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত গধুৰ যানবাহন ৰখোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । গোলাঘাটৰ জিলা দণ্ডাধীশ ডাঃ পি উদয় প্ৰবীণে ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত এই নিষেধাজ্ঞা আৰোপ কৰিছে ।

এই নিৰ্দেশ অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উল্লেখিত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত কাৰিকৰী বিজুতিৰ বাহিৰে অন্য কাৰণত কোনো ধৰণৰ গধুৰ যানবাহন ৰখাব  নোৱাৰিব । এই পথাংশত থকা এনিমেল ক'ৰিডৰ সমূহত জনসমাগমৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে । এই নিৰ্দেশানুসৰী জিলাখনৰ কাজিৰঙাৰ  এনিমেল ক'ৰিডৰ এলেকা সমূহত নিশা অতি উজ্জ্বল পোহৰৰ লাইটৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে । এনিমেল ক'ৰিডৰ অথবা ইয়াৰ দাঁতিকাষৰীয়া এলেকা সমূহত মিউজিক ছিষ্টেমত উচ্চ স্বৰত শব্দ অথবা সংগীত বজোৱা আৰু উচ্চ স্বৰত হৰ্ণ বজোৱাত  নিষেধাজ্ঞা আৰোপ কৰা হৈছে । তৎকালীন ভাৱে বলৱৎ হোৱাকৈ এইসমূহ নিষেধাজ্ঞা জাৰি কৰা হৈছে । এই নিৰ্দেশসমূহ উলংঘা কৰিলে ভাৰতীয় দণ্ডবিধিৰ আইনৰ ১৮৮ ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে ।

***********