কাৰ্বি আংলং জিলাৰ কাকচাংৰ কাইফ'লাংচু জলপ্ৰপাতত এজন যুৱকৰ সলিল সমাধি : মৃতদেহ উদ্ধাৰ :

কাৰ্বি আংলং জিলাৰ কাকচাংৰ কাইফ'লাংচু  জলপ্ৰপাতত এজন যুৱকৰ সলিল সমাধি  : মৃতদেহ উদ্ধাৰ  :
Aiidesh Photo

কাৰ্বি আংলং জিলাৰ কাকচাংৰ কাইফ'লাংচু  জলপ্ৰপাতত এজন যুৱকৰ সলিল সমাধি  : মৃতদেহ উদ্ধাৰ  :

Aiidesh News  :  27 May 2023  :

গোলাঘাট জিলাৰ কাৰ্বিআংলং সীমান্তত অৱস্থিত কাকচাংৰ কাইফ'লাংচু  জলপ্ৰপাত শুক্ৰবাৰৰ দিনা বিয়লি সংঘৰ্টিত এক শোকাবহ ঘটনাত এজন যুৱকৰ জলপ্ৰপাতৰ পানীত সলিল সমাধি হয় ৷ দুই বন্ধুৰ সৈতে জলপ্ৰপাতৰ সৌন্দৰ্য উপভোগ কৰিবলৈ গৈ জান্তি বনিয়া নামৰ এজন তেজপুৰৰ যুৱকৰ সলিল সমাধি ঘটে । জানিব পৰা মতে বৃহস্পতিবাৰৰ দিনা তেজপুৰৰ মাজগাওঁৰ পৰা বোকাখাতৰ বন্ধু দিব্যজ্যোতি লয়িঙৰ ঘৰলৈ আহিছিল জান্তি বনিয়া ।

শুক্ৰবাৰৰ দিনা লগৰ দুজন বন্ধুৰ সৈতে এখন পালচাৰ মটৰ চাইকেলেৰে কাকচাংৰ কাইফ'লাংচু জলপ্ৰপাতলৈ গৈছিল জান্তি বনিয়া ৷ তিনি বন্ধুৰে সৈতে জলপ্ৰপাতৰ পানীত গা ধুই থাকোতেই সলিল সমাধি ঘটে জান্তি বনিয়াৰ ৷ জানিব পৰা মতে জলপ্ৰপাতৰ পানী পৰা অংশত বিপদ সীমাৰ ভিতৰলৈ যোৱাৰ বাবে এই ঘটনা হ'বলৈ পায় ৷ জান্তি বনিয়া তেজপুৰৰ দৰং কলেজৰ বাণিজ্য বিভাগৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰ আছিল । দুৰ্গম কাকচাং জলপ্ৰপাতৰ ঘটনাস্থলীত জান্তি বনিয়াক উদ্ধাৰৰ বাবে ডলামৰা আৰক্ষীৰ আৰু এন ডি আৰ এফৰ উদ্ধাৰকাৰী দলে অভিযান চলায় আজি পুৱা জান্তি বনিয়াৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ সম্প্ৰতি জান্তি বনিয়াৰ মৃতদেহ মৰোনোত্তৰ পৰীক্ষাৰ বাবে কাৰ্বি আংলং জিলাৰ দলামৰা আৰক্ষী থানালৈ নিয়া হৈছে ৷ 

**********