বোকাখাতৰ সাপজুৰি বঙালী গাওঁত তেল পৰিবাহী পাইপ কাটি তেল চুৰিৰ ঘটনা : নিৰ্গত হৈছে তেল :

 

বোকাখাতৰ সাপজুৰি বঙালী গাওঁত তেল পৰিবাহী পাইপ কাটি তেল চুৰিৰ ঘটনা : নিৰ্গত হৈছে তেল  : 

Aiidesh News : 27 April 2023: 

বোকাখাতৰ সাপজুৰি বঙালী গাওঁৰ মাজেৰে যোৱা তৈল পৰিবাহী পাইপৰ পৰা যোৱা নিশা কোনো দুস্কৃতিকাৰী লোকে পাইপ কাটি তেল চুৰি কৰা ঘটনাই সমগ্ৰ অঞ্চলটোতেই আজি পুৱাতেই আতংকময় পৰিবেশৰ সৃষ্টিত কৰে ৷ নিশা পাইপ কাটি তেল চুৰি কৰাৰ পিচতেই পাইপেৰে নিৰ্গত হোৱা তেল ঘটনাস্থলীৰ চৌকাষে বিয়পি পৰে ৷ যাৰ বাবে অঞ্চলটোলৈ এক ভয়াবহতা কঢ়িয়াই আনে ৷ পুৱতি নিশা স্থানীয় লোকে তেল চুৰি ঘটনাটো প্ৰত্যক্ষ কৰি বোকাখাত আৰক্ষীক খবৰ দিয়াত বোকাখাতৰ মহকুমা আৰক্ষী বিষয়া আৰু ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্ব এটা দল গৈ ঘটনাস্থলীত উপস্থিত হয় ৷ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীও ঘটনাস্থলীত মোতায়েন কৰা হয় ৷ অইল ইণ্ডিয়াৰ বিষয়াও ঘটনাস্থলীত উপস্থিত হৈ তেল নিগমন বন্ধ কৰি পৰিস্থিতি নিয়ন্ত্ৰন কৰে ৷ তেল চুৰিৰ এই ঘটনাৰ লগত জড়িত লোকক চিনাক্ত কৰি বিহিত ব্যৱস্থা গ্ৰহন কৰিবৰ বাবে ঘটনাস্থলীৰ পৰাই তদন্ত আৰম্ভ কৰিছে বোকাখাতৰ আৰক্ষীয়ে ৷৷

***********