গোলাঘাটত ৰাজ্য চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ প্ৰধান সচিব মনিষ ঠাকুৰ : জিলাৰ বিভাগীয় বিষয়াৰে পৰ্যালোচনা বৈঠক : ক্ষেত্ৰ পৰিদৰ্শন :

গোলাঘাটত ৰাজ্য চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ প্ৰধান সচিব মনিষ ঠাকুৰ : জিলাৰ বিভাগীয় বিষয়াৰে পৰ্যালোচনা বৈঠক  : ক্ষেত্ৰ পৰিদৰ্শন :
Aiidesh Photo

গোলাঘাটত ৰাজ্য চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ প্ৰধান সচিব মনিষ ঠাকুৰ : জিলা বিভাগীয় বিষয়াৰে পৰ্যালোচনা বৈঠক  : ক্ষেত্ৰ পৰিদৰ্শন :

Aiidesh News : 8 September 2023 :

অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ প্ৰধান সচিব মনিষ ঠাকুৰে আজি গোলাঘাট জিলাৰ পশুচিকিৎসা বিভাগৰ সমুহ বিষয়া কৰ্মচাৰীৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হয় ৷ গোলাঘাটৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এই বৈঠকত পশু চিকিৎসা বিভাগৰ উপৰিও জিলা প্ৰশাসন, কৃষি আৰু দুগ্ধ উৎপাদনৰ বিষয় ববীয়াও উপস্থিত থাকে ৷ বৈঠকত গোলাঘাট জিলাত চলি থকা বিভিন্ন বিভাগীয় আঁচনিৰ ৰূপায়ন সম্পৰ্কত বিস্তৃত আলোচনা হয় ৷ জিলাখনত গাখীৰ, কনী আৰু মাংসজাত সামগ্ৰীৰ প্ৰয়োজনীয়তা আৰু উৎপাদন সম্পৰ্কে প্ৰধান সচিবজনে বিষয়া কৰ্মচাৰীৰ লগত আলোচনা কৰে ৷ সভাত গৰু ম'হৰ কানত টেগ লগাই  পঞ্জীয়ন কৰা , পশুপালন মিচনৰ অধীনত চেক্স চৰটেড চিমেনৰ জড়িয়তে গো পালক সকলে ৯০ শতাংশলৈকে মাইকী পোৱালী পব পৰাৰ সম্ভাৱনীয়তা, ঘাঁহ কটা মেচিনৰ হিতাধিকাৰীৰ মাজত বিতৰণ আৰু গো পালক সকলক ৰাজসাহাৰ্য যুক্ত দানা দিয়াৰ সম্পৰ্কে আলোচনা কৰা হয় ৷ বৈঠকত অসম পশুধন অভিযান আৰম্ভ কৰাৰ সম্পৰ্কেও আলোচনা কৰা হয় ৷

পৰ্যালোচনা বৈঠকৰ শেষত প্ৰধান সচিব মনীষ ঠাকুৰে গোলাঘাটৰ মইনাপাৰাত থকা অৱস্থিত শইকীয়াৰ ফিচাৰী ফেমেলি, ফৰকাটিং পশু চিকিৎসালয়, দুগ্ধ সমবায় সমিতিৰ অন্তৰ্গত উমেশ নাথ আৰু দিগন্ত নাথৰ দুগ্ধ পাম পৰিদৰ্শন কৰাৰ লগতে গোপালক দুজনৰ লগত আলোচনা কৰি ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়েও পৰামৰ্শ দিয়ে ৷

বৈঠতকত জিলা উন্নয়ন বিষয়া অৰ্পা বাগলাৰী, অতিৰিক্ত জিলা আয়ুক্ত দমোদৰ বৰ্মন, জিলা পশুপালন আৰু পশুচিকৎসা বিষয়া ডা৹ সত্য দত্ত চৌধুৰী, জিলা কৃষি বিষয়া ৰঞ্জিত শৰ্মা আৰু দুগ্ধ উন্নয়ন নিগমৰ কিশোৰ বৰ্মনো উপস্থিত থাকে ৷

********