গৃহ চহৰ বোকাখাতত বিশ্ব বিজয়ী মহিলা ক্ৰিকেটাৰ উমা ছেত্ৰীক বিপুল সম্বৰ্ধনা : অগনন লোকে ঢোলে দগৰেৰে বাসগৃহৰ পৰা আদৰি আনিলে উমা ছেত্ৰীক :

Aiidesh News : 8 November - 2025 :

ভাৰতীয় মহিলা ক্ৰিকেটৰ অন্যতম খেলুৱৈ তথা বিশ্বকাপত অংশগ্ৰহন কৰা উত্তৰ পুৱৰ প্ৰথম গৰাকী মহিলা ক্ৰিকেটাৰ বোকাখাতৰ জীয়ৰী উমা ছেত্ৰীক আজি বিয়লি গৃহ চহৰ বোকাখাতত বিপুল সম্বৰ্ধনা জনোৱা হয় । বোকাখাত জিলা ক্রীড়া সন্থাৰ উদ্যোগত গোলাঘাট জিলা প্রশাসন, গোলাঘাট জিলা আৰক্ষী প্রশাসন আৰু বোকাখাত সমজিলা প্রশাসনৰ সহযোগত বোকাখাতৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত এই সম্বৰ্ধনা অনুষ্ঠানত বোকাখাতৰ জীয়ৰী, অসম সৌৰভ বঁটা প্রাপক উমা ছেত্ৰী আৰু তেওঁৰ পিতৃ মাতৃকো সম্বৰ্ধনা জনোৱা হয় । আজি বিয়লি দুখন পুষ্প সজ্জিত বাহনত উমা ছেত্ৰী আৰু পৰিয়াল লোকক লৈ কান্ধুলিমাৰী বাসগৃহৰ পৰা ২০ খন গাড়ী আৰু ১৫০ খনৰো অধিক মটৰ চাইকেল, বেটাৰী ৰিক্সা আৰু অগনন বাহনৰ এক সমদলেৰে বোকাখাতৰ ৰাজহুৱা খেল পথাৰলৈ আদৰি অনা হয় । এই যাত্ৰা পথত অগনন লোকে শুভেচ্ছা জনায় উমা ছেত্ৰীক । 

ৰাজহুৱা খেল পথাৰত বোকাখাত জিলা ক্রীড়া সন্থাৰ সাধাৰণ সম্পাদক সঞ্জীৱ শইকীয়াই আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানত উমা ছেত্ৰী, উমা ছেত্ৰীৰ পিতৃ লোকবাহাদুৰ ছেত্ৰী, মাতৃ দীপা ছেত্ৰী আৰু তিনি গৰাকী ভাতৃৰ উপৰিও বোকাখাত সমষ্টিৰ বিধায়ক কেবিনেট মন্ত্ৰী তথা বোকাখাত জিলা ক্রীড়া সন্থাৰ সভাপতি অতুল বৰা, কাজিৰঙাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, গোলাঘাটৰ জিলা আয়ুক্ত পুলক মহন্ত, জেষ্ঠ আৰক্ষী অধীক্ষক ৰাজেন সিং, বোকাখাত সমজিলাৰ আযুক্ত শিৱানী জার্ণগেল, বোকাখাত সম জিলা আৰক্ষী বিষয়া বাৰ্ডি বড়োকে আদি কৰি বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে । সম্বৰ্ধনা গ্ৰহন কৰি বিশ্ব বিজয়ী ক্ৰিকেট খেলুৱৈ উমাই সমবেত জনগনক নিজৰ অনুভৱ ব্যক্ত কৰে । ২০১১ চনত বোকাখাতৰ খেলপথাৰত মই আৰম্ভ কৰিছিলো মোৰ ক্ৰিকেটৰ যাত্ৰা । এইখন খেলপথাৰতে মই ভাৰতীয় মহিলা ক্ৰিকেট দলত বিশ্বকাপ খেলাৰ সপোন দেখিছিলো । আজি ইমানবোৰ মানুহ দেখি মই নাৰ্ভাচো হৈছো । সকলোকে ধন্যাবাদ জনাইছো । এতিয়া মই বহুত শিকিছো আৰু শিকিম । ক্ৰীড়া ক্ষেত্ৰ খনত এতিয়া বহুত সুবিধা আছে । কৰ্ম সংস্থাপনৰো সুবিধা বহুত । আপোনালোকক মই সদায় গৌৰাম্বিত কৰিম । ভাৰতৰ হৈ খেলি সদায় ভাৰতক জয়ী কৰাৰ চেষ্টা কৰিম । মোৰ গুৰু মেহবুব আলম আৰু ৰাজা ৰহমানকো ধন্যবাদ জনাইছো বুলি মন্তব্য কৰে উমা ছেত্ৰীয়ে । নিজৰ বক্তব্যৰ পিচতেই উমাই সম্বৰ্ধনাৰ মঞ্চতে দুয়ো গৰাকী গুৰুকে নিজ হাতে গামোছা পিন্ধায় প্ৰনাম জনায় উমা ছেত্ৰীয়ে । আজিৰ সম্বৰ্ধনাৰ অনুষ্ঠানতে বোকাখাত জিলা ক্ৰীড়া সন্থাৰ উপৰিও বোকাখাত সম জিলাৰ দুই শতাধিক দল সংগঠন আৰু অনুষ্ঠান প্ৰতিষ্ঠানে উমা ছেত্ৰীক ফুলাম গামোছা, ফুলৰ থোপা, শৰাই আদিৰে শুভেচ্ছা আৰু সম্বৰ্ধনা জনায় ।

************