বিশ্বকাপ জয় কৰি বোকাখাতৰ কান্ধুলিমাৰী গাওঁৰ নিজা বাসগৃহত উমা ছেত্ৰী : স্থানীয় দল সংগঠনৰ উষ্ম আদৰণী :
Aiidesh News : 7 November - 2025 :
মুম্বাইৰ ড০ ডি ৱাই পাটিল ষ্টেডিয়ামত যোৱা ৩ নৱেম্বৰত অনুষ্ঠিত মহিলা বিশ্ব কাপ ক্ৰিকেট ফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাজিত কৰি জয় লাভ কৰা ভাৰতীয় মহিলা ক্ৰিকেটৰ অন্যতম খেলুৱৈ উমা ছেত্ৰীয়ে যোৱা নিশা বোকাখাতৰ কান্ধুলিমাৰী গাওঁৰ বাসগৃহত আহি উপস্থিত হয় । ভাৰতীয় মহিলা ক্ৰিকেট দলৰ হৈ বিশ্বকাপত অংশ গ্ৰহন কৰা উত্তৰ পুৱৰ প্ৰথম গৰাকী মহিলা ক্ৰিকেটাৰ হিচাবে নিজা বাসগৃহত আহি উপস্থিত হোৱা উমা ছেত্ৰীক আজি উষ্ম আদৰণী জনায় স্থানীয় দল সংগঠন আৰু অসম চৰকাৰৰ ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লোচাই । বোকাখাতৰ কান্ধুলিমাৰী গাওঁৰ উমা ছেত্ৰীৰ বাসগৃহত উমা ছেত্ৰীক শুভেচ্ছা জনায় ক্ৰীড়া মন্ত্ৰী গৰাকীয়ে ।
যোৱা নিশা বান্ধবী তথা মহিলা ক্ৰিকেটাৰ অৰ্পণা কৰ্মকাৰৰ সৈতে বোকাখাতৰ বাসগৃহ পায়হি উমা ছেত্ৰী । আজি পুৱাতেই কান্ধুলিমাৰী গাওঁৰ বাসগৃহৰ পৰা নিজেই স্কুটি চলাই মাকক লগত লৈ বোকাখাতৰ চিকুন আতা থানলৈ গৈ বন্তি প্ৰজ্বলন কৰে উমা ছেত্ৰীয়ে । তাৰ পিচতেই গোলাঘাটৰ জিলা প্ৰশাসনৰ হৈ জিলা আয়ুক্ত পুলক মহন্ত, জেষ্ঠ আৰক্ষী অধীক্ষক ৰাজেন সিঙে উমা ছেত্ৰীৰ বাসগৃহলৈ গৈ ফুলাম গামোছা আৰু শৰাইৰে আদৰণী জনায় খেলুৱৈ গৰাকীক । লগত বোকাখাত সমজিলা আয়ুক্ত শিৱানী জাৰ্নগেল, আৰক্ষী বিষয়া বাৰ্ডি বড়ো, জিলা ক্ৰীড়া বিষয়া বিমল চন্দ্ৰ গগৈ আৰু বোকাখাত আৰক্ষী থানাৰ বিষয়া পৰাগজ্যোতি বুঢ়াগোঁহাই উপস্থিত থাকে । আজি দিনটোত উমা ছেত্ৰীৰ বাসগৃহলৈ গৈ অসম জাতীয়তাবাদী ছাত্ৰ পৰিষদ, গোৰ্খা ছাত্ৰ সন্থা, গোলাঘাট জিলা ছাত্ৰ সন্থা, বোকাখাত জিলা ক্ৰীড়া সন্থা, বোকাখাত প্ৰেছ ক্লাব, বোকাখাত মহকুমা সাংবাদিক সন্থা, ইমজা, কাজিৰঙা নিউজ নেটৱৰ্ক, কাজিৰঙা অৰ্কিড পাৰ্ক, কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, ভোজপুৰী সমাজ আৰু অসম ক্ৰিকেট সন্থাৰ কাৰিকৰী সদস্য পৰীক্ষিত দত্তৰ উপৰিও কাজিৰঙাৰ সঞ্চালক ড০ সোনালী ঘোষেৰ উপৰিও বহু দল সংগঠনে সম্বৰ্ধনা জনায় । ইফালে বোকাখাত জিলা ক্ৰীড়া সন্থা, গোলাঘাট জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন আৰু বিধায়ক অতুল বৰাৰ উদ্যোগত অহা কাইলৈ ৮ নৱেম্বৰৰ দিনা বোকাখাতৰ ৰাজহুৱা খেল পথাৰত উমা ছেত্ৰীক ৰাজহুৱা সম্বৰ্ধনা জনোৱা হ’ব বুলি জানিবলৈ দিয়ে বোকাখাত জিলা ক্ৰীড়়া সন্থাৰ সম্পাদক সঞ্জীৱ শইকীয়াই । অনুষ্ঠানত মন্ত্ৰী অতুল বৰাও উপস্থিত থাকিব বুলি জনায় সম্পাদক গৰাকীয়ে ।
অৰুণাচলৰ চাংলাং জিলা প্ৰশাসনৰ গাড়ীৰ চালক হিচাবে কাম কৰি থাকোতেই চাংলাংতেই জন্ম লাভ কৰিছিল উমা ছেত্ৰীয়ে । চাংলাংত প্ৰাথমিক শিক্ষা আৰম্ভ কৰি পৰৱৰ্তী সময়ত বোকাখাতৰ হিন্দী উচ্চ মাধ্যমিক বিদ্যালয় আৰু জে ডি এছ জি মহাবিদ্যালয়ত শিক্ষা গ্ৰহন কৰি বোকাখাতৰ ৰাজহুৱা খেলপথাৰত ক্ৰিকেটৰ কেৰিয়াৰ আৰম্ভ কৰিছিল উমা ছেত্ৰীয়ে ৷ বানপানী আৰু বন্যপ্ৰাণী অধ্যুষিত কান্ধুলিমাৰীৰ গাওঁৰ পৰা ভাতৃ বিজয় ছেত্ৰী চাইকেল উঠি বোকাখাত নগৰৰ ৰাজহুৱা খেলপথাৰলৈ আহি নিয়মিত ভাৱে ক্ৰিকেটৰ অনুশীলন কৰি উমা ছেত্ৰীয়ে আজি বিশ্ব কাপত ভাৰতীয় মহিলা ক্ৰিকেট দলত অংশ গ্ৰহন কৰি অসমৰ নাম উজ্বলাবলৈ সক্ষম হয় ৷ আজি বিভিন্ন দল সংগঠনৰ অভিনন্দন গ্ৰহন কৰি স্থানীয় সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত উমা ছেত্ৰীয়ে বোকাখাত জিলা ক্ৰীড়া সন্থা আৰু প্ৰশিক্ষক ৰাজা ৰহমান আৰু মেহবুব আলম, সতীৰ্থ বান্ধবী মুচকান মল্লিক আৰু অপৰ্ণা কৰ্মকাৰৰ লগতে বোকাখাতৰ সকলোকে শ্ৰদ্ধাৰে সোঁৱৰে । বিশ্বকাপত জয় লাভ কৰা পিচত ভাৰতীয় মহিলা ক্ৰিকেট দলটোয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাত কৰি উৎফুল্লিত হোৱা বুলিও জনায় উমা ছেত্ৰীয়ে ।
***********







