ব্ৰহ্মপুত্ৰৰ কাঠ চাপৰিত ৰাইজৰ হাতত কৰায়ত্ব চোৰাংচিকাৰী

ব্ৰহ্মপুত্ৰৰ কাঠ চাপৰিত ৰাইজৰ হাতত কৰায়ত্ব  চোৰাংচিকাৰী
কৰায়ত্ব চোৰাংচিকাৰী

ব্ৰহ্মপুত্ৰৰ কাঠ চাপৰিত ৰাইজে হাতত কৰায়ত্ব  চোৰাংচিকাৰী  : দুটা বন্দুক আৰু গুলী বাৰুদ উদ্ধাৰ :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ফেব্ৰুৱাৰী মাহৰ ২৪ তাৰিখেই ওলায় যোৱা এটা গঁড়ক হত্যাৰ পৰিকল্পনা কৰা এটা চোৰাংচিকাৰীক কৰায়ত্ব কৰে স্থানীয় ৰাইজে ৷ গোলাঘাট জিলাৰ কমাৰগাওঁ আৰক্ষী থানাৰ কাঠ চাপৰিত কাঠ চাপৰিৰ সমীৰ বৰুৱাচুক, কাঁচিকটা আৰু লহৰে চাপৰিৰ ৰাইজে কৰায়ত্ব কৰিছে চোৰাংচিকাৰীটোক ৷ মাজুলীৰ চাপৰিৰ পৰা ওভটি আহি আজি পুৱাতেই কাঠ চাপৰিত বিচৰণ কৰা গঁড়টোক হত্যাৰ চেষ্টা চলাওতেই স্থানীয় লোকে চোৰাংচিকাৰী দলটোক খেদি যায় ৷ ৰাইজে এজন চিকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হয় যদিও চিকাৰী দলৰ বাকী দুজন চিকাৰী পলায় যায় ৷ কৰায়ত্ব কৰা চিকাৰী জন অৰুণাচল প্ৰদেশৰ  চিয়াং জিলাৰ গাগন ইক' বুলি জানিব পৰা গৈছে ৷ চিকাৰীজনৰ পৰা দুটাকৈ দুনলীয়া ৰাইফল লগতে কেইবা জাঁয়ো সজীৱ গুলীও উদ্ধাৰ হৈছে ৷ ৰাইজে ধৃত চোৰাংচিকাৰীটোক অস্ত্ৰসহ কমাৰগাওঁৰ আৰক্ষীৰ হাতত অৰ্পণ কৰিছে ৷আজি দুমাহ ধৰি কাঁচিকটা চাপৰিতে বাহৰ পাতি আছিল চোৰাংচিকাৰীটোয়ে ৷ সম্প্ৰতি গোলাঘাট জিলাৰ কমাৰগাওঁ আৰক্ষী থানালৈ চোৰাংচিকাৰী জনক অনা হৈছে ৷ ফেব্ৰুৱাৰী মাহতেই ওলায় যোৱা এই গঁড়টোৰ সুৰক্ষাৰ বাবে বিগত এটা মাহেই দিন ৰাতি একাকাৰ কৰি ব্যস্ত আছিল কাজিৰঙা, গোলাঘাট, যোৰহাট, বিশ্বনাথ আৰু মাজুলী বনসংমণ্ডলৰ বনকৰ্মী সকল ৷ কৰ'ণাৰ আতংক আৰু লক ডাউনৰ মাজতো গঁড়টোৰ সুৰক্ষাৰ বাবে ব্যস্ত আছিল এই বন কৰ্মীৰ দল ৷