কাজিৰঙাৰ ম’হপৰাত হস্ততাঁত শিল্প পৰ্যটন গাঁওৰ শুভ উদ্বোধন :

কাজিৰঙাৰ ম’হপৰাত হস্ততাঁত শিল্প পৰ্যটন গাঁওৰ শুভ উদ্বোধন :
Aiidesh Photo
কাজিৰঙাৰ ম’হপৰাত হস্ততাঁত শিল্প পৰ্যটন গাঁওৰ শুভ উদ্বোধন :

Aiidesh News :  15 March - 2024 : 

বোকাখাত উপ জিলাৰ কঁহৰাৰ ম’হপৰাত আজি হস্ততাঁত শিল্প পৰ্যটন  গাঁওৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয় । ম’হপৰাত স্থাপন কৰা এই হস্ততাঁত শিল্প পৰ্যটন গাঁওখন ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ হস্ততাঁত উন্নয়ন আয়ুক্ত কাৰ্যালয়ৰ এটা গুৰুত্বপূৰ্ণ প্ৰকল্প । শিপিনী সেৱা কেন্দ্ৰ গুৱাহাটী আৰু বোকাখাত উপ জিলা অতিৰিক্ত আয়ুক্ত কাৰ্যালয়ৰ দ্বাৰা এই প্ৰকল্পটো ম'হপৰা গাওঁত ৰূপায়ন কৰা হৈছে ।

এই উপলক্ষে আজি বোকাখাত উপ জিলা আৰু ম'হপাৰাত আয়োজিত উদ্বোধনী অনুষ্ঠানত বস্ত্ৰ শিল্প বিভাগৰ মন্ত্ৰী ইউ জি ব্ৰহ্মই আৰু বোকাখাতৰ বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰা ৷

উদ্বোধনী অনুষ্ঠানৰ উপস্থিত থাকি মুখ্য অতিথি মন্ত্ৰী ইউ জি ব্ৰহ্মই কয় যে বৰ্তমান চৰকাৰখনে মহিলা সকলক স্বনিয়োজন কৰাৰ লক্ষ্যৰে অহৰহ প্ৰচেষ্টা অব্যাহত  ৰাখিছে । এই প্ৰকল্পটোৱে স্থানীয় শিপিনী বিশেষকৈ মহিলা সকলক উন্নত জীৱিকা তথা গাঁওবাসী  সকলক অতিৰিক্ত উপাৰ্জনৰ বাবে প্ৰাসংগিক সমৰ্থন প্ৰদান কৰিব বুলি মন্ত্ৰীগৰাকীয়ে কয় । হস্ততাঁত শিল্প পৰ্যটন গাঁওখনে ম'হপৰাক ভাৰতৰ পৰ্য্যটন মানচিত্ৰত এক সুকীয়া স্থান প্ৰদান কৰিব বুলিও তেওঁ উল্লেখ কৰি এই প্ৰকল্পটোক সফল কৰি তোলাৰ লগত জড়িত সকলোকে তেওঁ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে ।

একেদৰে মন্ত্ৰী অতুল বৰাই কয় যে, কঁহৰাৰ ম'হপৰাত স্থাপন কৰা হস্ততাঁত শিল্প পৰ্যটন গাঁওখনে মহিলা সকলৰ স্বনিয়োজনৰ পথ মুকলি কৰাৰ লগতে গ্ৰাম্য অৰ্থনীতিত এক সুদূৰ প্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰিব । আজি উদ্বোধনী অনুষ্ঠানত দক্ষতা বিকাশ কাৰ্যসূচীৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰা শিপিনীসকলৰ মাজত প্ৰমাণপত্ৰও বিতৰণ কৰা হয় । আজিৰ অনুষ্ঠানত আদৰণী ভাষণ আগবঢ়ায় বোকাখাতৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত জিলা আয়ুক্ত চিমী কৰণে । 

*********