সম্ভাব্য বানপানীৰ প্ৰস্তুতি আৰু পঞ্চায়তৰ সীমা নিৰ্দ্ধাৰণ সন্দৰ্ভত বোকাখাতৰ মহকুমাধিপতিৰ কাৰ্যালয়ত দুখনকৈ গুৰুত্বপূৰ্ণ বৈঠক :

সম্ভাব্য বানপানীৰ প্ৰস্তুতি আৰু পঞ্চায়তৰ সীমা নিৰ্দ্ধাৰণ সন্দৰ্ভত বোকাখাতৰ মহকুমাধিপতিৰ কাৰ্যালয়ত দুখনকৈ  গুৰুত্বপূৰ্ণ বৈঠক :
Aiidesh Photo

Aiidesh News : 31 March 2023  :

যোৱা ২২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈ যোৱা প্ৰথমখন বান প্ৰস্তুতি সভাৰ লগত সংগতি ৰাখি আজি বোকাখাত মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত অতিৰিক্ত উপায়ুক্ত তথা বোকাখাত মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি ডা: নেহা যাদৱৰ  সভাপতিত্বত সম্ভাব্য বানপানীৰ প্ৰতিৰোধমূলক ব্যৱস্থাপনা আৰু প্ৰস্তুতি সন্দৰ্ভত দ্বিতীয়খন পৰ্যালোচনা সভা অনুষ্ঠিত হয় । সভাত প্ৰথম বৈঠকৰ পিচত সংশ্লিষ্ট বিভাগ সমূহে এইপৰ্যন্ত লোৱা ব্যৱস্থাৱলীৰ ওপৰত বিতংকৈ পৰ্যালোচনা কৰা হয় ।

ইয়াৰ পিচতেই আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ প্ৰতি লক্ষ্য ৰাখি আজি মহকুমাধিপতি কাৰ্যালয়ৰ সভাগৃহতে অতিৰিক্ত উপায়ুক্ত তথা  বোকাখাত মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি ডা: নেহা যাদৱৰ সভাপতিত্বত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধি আৰু গাওঁ পঞ্চায়তৰ সভাপতিৰ উপস্থিতিত আন এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷ বৈঠকত বোকাখাত মহকুমাৰ ম'হমাইকী গাওঁ পঞ্চায়ত, দক্ষিণ কাজিৰঙা গাওঁ পঞ্চায়ত আৰু মৰিধনশিৰি গাওঁ পঞ্চায়তৰ ৱাৰ্ড সমুহৰ সীমা পুনৰ নিৰ্দ্ধাৰণ সন্দৰ্ভত বিষদ আলোচনা কৰা হয় । সভাত সীমা নিৰ্ধাৰণ সম্পৰ্কত মূল্যৱান পৰামৰ্শ, মতামত তথা আপত্তিৰ ওপৰত আলোচনা কৰা হয় ।

***********