কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক হিচাবে ভাৰতীয় বন সেৱাৰ বিষয়া ড৹ সোণালী ঘোষৰ দায়ীত্ব ভাৰ গ্ৰহন :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক হিচাবে ভাৰতীয় বন সেৱাৰ বিষয়া ড৹ সোণালী ঘোষৰ দায়ীত্ব ভাৰ গ্ৰহন  :
Aiidesh Photo

Aiidesh News :  01 September 2023 : 

ভাৰতীয় বন সেৱাৰ বিষয়া ড৹ সোণালী ঘোষে ১ চেপ্তেম্বৰত আনুষ্ঠানিকভাৱে  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক হিচাপে দায়ীত্বভাৰ গ্ৰহন কৰে ৷ বিদায়ী ক্ষেত্ৰ সঞ্চালক যতীন্দ্ৰ শৰ্মাৰ পৰা ড৹ সোনালী ঘোষয়ে সঞ্চালকৰ দায়ীত্বভাৰ গ্ৰহন কৰে ৷ দায়ীত্বভাৰ গ্ৰহনৰ পিচতেই ড৹ সোনালী ঘোষক সঞ্চালকৰ কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীৰ তৰফৰ পৰা ফুলাম গামোছাৰে কাজিৰঙালৈ আদৰণি জনায় ৷ ভাৰতীয় বন সেৱাৰ বিষয়া হিচাবে কাজিৰঙাতেই কৰ্ম জীৱনৰ পাতনি মেলা ড৹ সোনালী ঘোষ কাজিৰঙাৰ ১১৮ বছৰীয়া ইতিহাসত ক্ষেত্ৰ সঞ্চালক পদত অধিষ্ঠিত হোৱা প্ৰথম গৰাকী মহিলা বিষয়া হিচাপে পৰিগণিত হৈছে । 

বৰ্তমান গৱেষণা, শিক্ষা আৰু কাৰ্য পৰিকল্পনাৰ মুখ্য বন সংৰক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ড৹ সোনালী ঘোষ বন আৰু বন্যপ্ৰাণী সংৰক্ষণ ক্ষেত্ৰৰ এগৰাকী চিনাকী বিষয়া ৷ অভিজ্ঞ আৰু অৰ্হতা সম্পন্ন ড৹ সোনালী ঘোষ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ইণ্ডো-ভূটান লেণ্ডস্কেপত বাঘৰ বাবে বাসস্থানৰ উপযুক্ততা মূল্যাঙ্কন কৰাৰ ওপৰত গুৰুত্ব দি ৰিম'ট-চেঞ্চিং প্ৰযুক্তিত ডক্টৰেট ডিগ্ৰী লাভ কৰিছে ৷

কাজিৰঙাৰ সঞ্চালক হিচাবে দায়ীত্বভাৰ গ্ৰহনৰ পিচতেই ড৹ সোনালী ঘোষৰ কাৰ্য কালত কাজিৰঙাই বন গৱেষণা আৰু সংৰক্ষণৰ ক্ষেত্ৰত অন্য এক মাত্ৰা লাভ কৰিবলৈ সক্ষম হ'ব বুলি সকলো আশাবাদী  ৷

*********