শিৱসাগৰত অনুষ্ঠিত সদৌ অসম আন্তঃজিলা টাইকোৱাণ্ডো প্ৰতিযোগিতা ২০২৩ ত বোকাখাতৰ সাফল্য :

শিৱসাগৰত অনুষ্ঠিত সদৌ অসম আন্তঃজিলা টাইকোৱাণ্ডো প্ৰতিযোগিতা ২০২৩ ত বোকাখাতৰ সাফল্য  :

Aiidesh News  : 25 July 2023  :

শিৱসাগৰৰ চাওলুং চ্যুকাফা ইনডৰ ষ্টেডিয়াম ত ২১ জুলাই পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হোৱা সদৌ অসম আন্তঃজিলা টাইকোৱাণ্ডো প্ৰতিযোগিতাত সদৌ বোকাখাত জিলা টাইকোৱাণ্ডো সন্থাৰ ১৩ গৰাকী প্ৰতিযোগীয়ে অংশ গ্ৰহনেৰে ৯ টাকৈ পদক লাভ কৰি বোকাখাতলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হয় । প্ৰি উই, চাব জুনিয়ৰ, কেডেট আৰু জুনিয়ৰ চিনিয়ৰ শাখাত এই ৰাজ্যিক প্ৰতিযোগিতা ইণ্ডিয়ান টাইকোৱাণ্ডোৰ অধীনত শিৱসাগৰ জিলা টাইকোৱাণ্ডো এচ'চিয়েচনে প্ৰতিযোগিতাৰ আয়োজন কৰে ৷

সদৌ অসম আন্তঃজিলা টাইকোৱাণ্ডো প্ৰতিযোগিতাৰ মহিলাৰ পি উই শাখাত বোকাখাতৰ পৰিশ্মিতা পানিকাই ৰূপৰ পদক আৰু পুৰুষ পি উই শাখাত অনুৰাগ ছেত্ৰীয়ে ব্ৰঞ্জৰ পদক লাভ কৰে ৷ একেদৰে পুৰুষৰ চাব-জুনিয়ৰ শাখাত প্ৰিঞ্চ গগৈয়ে ব্ৰঞ্জৰ পদক আৰু মহিলাৰ চাব জুনিয়ৰ শাখাত শুভা গগৈয়ে  ৰূপৰ পদক লাভ কৰে । পুৰুষৰ কেডেট শাখাত বিতোপন গগৈয়ে ৰূপৰ পদক আৰু মহিলাৰ কেডেট শাখাত খুছী থাপাই ৰূপৰ পদক লাভ কৰে ৷

মহিলাৰ জুনিয়ৰ শাখাত প্ৰিয়া তেৰণপী বৰুৱাই ব্ৰঞ্জৰ পদক আৰু ৰ'জমেৰী কিলিংপিয়ে পদক লাভ কৰে ৷ পুৰুষৰ চিনিয়ৰ শাখাত বিবেক গগৈয়ে  ৰূপৰ পদক লাভ কৰি বোকাখাতলৈ গৌৰৱ কঢ়িয়াই আনে  ৷

************