কাজিৰঙাৰ হোটেলত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল : লগত পীয়ুষ হাজৰিকা আৰু অতুল বৰা :

কাজিৰঙাৰ হোটেলত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল : লগত পীয়ুষ হাজৰিকা আৰু অতুল বৰা :
Photo : Uttam Saikia

কাজিৰঙাৰ হোটেলত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল : লগত পীয়ুষ হাজৰিকা আৰু অতুল বৰা : 
AIIDESH NEWS. 30 May :

 
অহা ৭ জুনৰ ভিতৰত ঘোষিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ আজি পুৱা কাজিৰঙাৰ কহঁৰাত থকা মাণ্ডু নামৰ হোটেলত আয়োজিত এক সংবাদ মেলত মন্ত্ৰী হিমন্ত বিশ্বই স্থানীয় সাংবাদিকৰ সৈতে মত বিনিময় কৰি এইদৰে কয় ৷ ২৯ মে' দিনা  অসমত প্ৰথমবাৰৰ বাবে আঠ হাজাৰৰো অধিক লোকৰ কভিড ১৯ ৰ পৰীক্ষা কৰা হৈছে ৷ সেয়েহে ৰাজ্যত ৰোগীৰ সংখ্যাও বৃদ্ধি পাইছে ৷  অহা তিনিদিনত কভিড ১৯ ৰ পৰীক্ষা কৰা লোকৰ সংখ্যা দহ হাজাৰতকৈ অধিক কৰাৰ বাবে ব্যৱস্থা লোৱা হ'ব বুলি আজি কাজিৰঙাৰ কহঁৰাত জনায় স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷  নিশাতো কহঁৰাৰ মাণ্ডু হোটেলতে কটাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি পুৱা সংবাদ মেলত অংশগ্ৰহন কৰে ৷ সংবাদ মেলত মন্ত্ৰী গৰাকীয়ে গ্ৰামাঞ্চলত হোম কোৱাৰেণ্টাইন ব্যৱস্থা যাতে শিথিল নহয় তাৰ বাবে চকু ৰাখিবৰ বাবে স্থানীয় লোকক  আহ্বান জনায় ৷ মন্ত্ৰীৰ গৰাকীৰ মতে কোৱাৰেণ্টাইনৰ পৰা যাতে কোনো লোক পলায়ন কৰিব নোৱাৰে তাৰবাবে ৰাইজ সতৰ্ক থকাৰ বাহিৰে অন্য কোনো বিকল্প নাই ৷ কভিড ১৯ ৰ সংক্ৰমন প্ৰতিৰোধৰ বাবে ৰাজ্যত লকডাউনৰ সময় সীমাৰ সম্পৰ্কত ভাৰত চৰকাৰে দিয়া নিৰ্দেশনাই ৰাজ্যত পালন কৰা হ'ব বুলি জনায় হিমন্ত বিশ্ব শৰ্মাই ৷ ৰাজ্যৰ বিভিন্ন কোৱাৰেণ্টাইন কেন্দ্ৰত উদ্ভণ্ডালি কৰা সকলৰ সম্পৰ্কত তেওঁ কয় যে কেন্দ্ৰ বোৰত কম বেছি পৰিমানে এনে লোক থাকিবই, গতিকে এনে লোকৰ সৈতে বুজাবুজিৰেই থাকিব লাগিব সকলো ৷ তিতা মিঠা থাকিবই ৷ কভিড ১৯ ৰ সংক্ৰমনৰ পটভূমিত গোলাঘাটৰ সমস্যা এতিয়াও জটিল অৱস্থাতে আছে বুলি মন্তব্য কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যলৈ মানুহ অহাৰ সংখ্যা কৰ্মে কমিবলৈ লৈছে ৷ দহ জুনৰ ভিতৰত ৰাজ্যলৈ স্থিতাৱস্থালৈ ঘুৰি আহিব বুলি তেওঁ  আশাবাদী ৷ বোকাখাতৰ বন্তি শইকীয়াৰ  কভিদ ১৯ ত পুনৰ সংক্ৰমিত হোৱাৰ সম্পৰ্কত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত হিমন্ত বিশ্ব শৰ্মাই কয় যে কৰ্কট ৰোগীৰ শৰীৰত থকা  মৃতকোষবোৰৰ বাবেই কেতিয়াবা কভিড ১৯ পজিটিভ  দেখুৱাই , তাৰ বাবে চিন্তাৰ কোনো কাৰণ নাই ৷ বৰ্তমানলৈকে ৰাজ্যৰ বহুকেইগৰাকী কেঞ্চাৰ ৰোগীক চিকিৎসা কৰি ঘৰলৈ পঠিওৱা হৈছে  বুলিও তেওঁ মন্তব্য কৰে ৷ কহঁৰাৰ এই সংবাদ মেলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত কৃষি মন্ত্ৰী অতুল বৰা আৰু পীয়ুষ হাজৰিকাও উপস্থিত থাকে ৷