বাদুলিৰ বাবে বিশ্বত আতংকৰ সময়তে অসমৰ কন্দলি পাহাৰত বাদুলী পূজা

বাদুলিৰ বাবে বিশ্বত আতংকৰ সময়তে অসমৰ কন্দলি পাহাৰত বাদুলী পূজা
কন্দলি পাহাৰত বাদুলী পূজা

বিভিন্ন ভাইৰাছৰ বাহক বাদুলি! বাদুলিক লৈ সমগ্ৰ বিশ্বৰ বিজ্ঞানীসকলে চলাইছে পৰীক্ষা।এনে সময়ত প্ৰাসংগিক হৈ পৰিছে নগাঁৱৰ কন্দলি পাহাৰৰ গুহাত থকা বাদুলিৰ ওপৰত বিশেষজ্ঞৰ পৰীক্ষা।
বিগত বহুবছৰ ধৰি হাজাৰ হাজাৰ বাদুলিয়ে বাস কৰিছে কন্দলি পাহাৰৰ এটা গুহাত। কন্দলি পাহাৰৰ এই গুহা আৰু বাদুলিৰ লগত জড়িত হৈ আছে বহু পৌৰাণিক কথা। লোকবিশ্বাস অনুসৰি নগাঁৱৰ কন্দলি পূৰ্বতে আছিল প্ৰমীলা ৰাজ্য। প্ৰমীলা ৰাজ্যত প্ৰৱেশ নিষিদ্ধ আছিল পুৰুষসকলৰ।

এদিন এজন ঋষিয়ে মহিলাৰ বেশ ধৰি প্ৰৱেশ কৰিছিল প্ৰমীলা ৰাজ্যত। ৰাণী প্ৰমীলাই গম পাই বন্দী কৰে মহিলাৰ বেশধাৰী ঋষিক। পিছত ঋষিৰ শিষ্যসকলে আহি মুকলি কৰিছিল ঋষিক। তেতিয়া খঙতে ঋষিয়ে প্ৰমীলা ৰাজ্যৰ ৰাণীৰ লগতে সকলো প্ৰজাক গুহাৰ ভিতৰতেই বাদুলি হৈ বন্দী হৈ থকাৰ অভিশাপ দিলে। পিছত ৰাণী প্ৰমীলাৰ কাবৌ–কাকুতিত ঋষিয়ে ক'লে যে যেতিয়াই এই গুহালৈ ৰাইজৰ সমাগম হ'ব তেতিয়াই মুক্তি পাব প্ৰমীলা ৰাজ্যৰ প্ৰজাই।

এই কাহিনী কালিকা পুৰাণ আৰু যোগিনীতন্ত্ৰতো উল্লেখ আছে। এই গুহা ২০১২ চনত উদ্ধাৰ হোৱাৰ পিছৰে পৰাই ৰাইজৰ সমাগম আৰম্ভ হয়। বহু লোকেই এই গুহাত চাকি বন্তি জ্বলাই পূজা কৰে বাদুলিক।

। বিগত বৰ্ষত বিশ্বত দেখা দিয়া "নিপা " ভাইৰাছৰো বাহক আছিল বাদুলি। যিহেতু বেছিভাগ ভাইৰাছেই সংক্ৰমিত হয় বাদুলিৰ পৰা, সেয়ে নগাঁৱৰ কন্দলি পাহাৰৰ গুহাত থকা বাদুলিৰ ওপৰতো পৰীক্ষা নিৰীক্ষা চলোৱাটো অত্যন্ত জৰুৰী হৈ পৰিছে