চৰকাৰে জাৰি কৰা চাহ শ্ৰমিকৰ কৰ্ম সময় নিৰূপন অধিসুচনা বাতিলৰ দাবীত ভাৰতীয় চাহ মজদুৰ সংঘৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ : ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ :
চৰকাৰে জাৰি কৰা চাহ শ্ৰমিকৰ কৰ্ম সময় নিৰূপন অধিসুচনা বাতিলৰ দাবীত ভাৰতীয় চাহ মজদুৰ সংঘৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ : ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ :
AIIDESH NEWS. 20 May : 
কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে শ্ৰম আইন শিথিল কৰি ১২ ঘন্টালৈ চাহ শ্ৰমিকৰ কৰ্ম সময় নিৰূপন কৰাৰ অধিসুচনা বাতিলৰ লগতে লকডাউনৰ সময়ত চাহ বাগিছাৰ শ্ৰমিক সকলক সম্পূৰ্ণ মজুৰী প্ৰদানৰ দাবী জনাইছে  ভাৰতীয় চাহ মজদুৰ সংঘ অসম প্ৰদেশ সমিতিয়ে ৷ এই উদ্দেশ্যৰে আজি ভাৰতীয় চাহ মজদুৰ সংঘ অসম প্ৰদেশ সমিতিৰ আহ্বানত ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংধৰ সদস্য সকলে  ক'লা বেজ পৰিধান কৰি প্ৰতীকি প্ৰতিবাদ কৰাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাললৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ ৰাজ্যৰ লগতে আজি বোকাখাততো ভাৰতীয় চাহ মজদুৰ সংঘ বোকাখাত শাখাৰ বিষয় ববীয়াই সম্পূৰ্ণ সমাজিক দুৰত্ব অটুত ৰাখি বোকাখাতৰ মহকুমাধিপতিৰ হাতত মুখ্যমন্ত্ৰীলৈ বুলি স্মাৰক পত্ৰ প্ৰদান কৰে ৷ ভাৰতীয় চাহ মজদুৰ সংঘ অসম প্ৰদেশৰ সাধাৰণ সম্পাদক বীৰ কুমাৰ ছেত্ৰী আৰু বোকাখাত শাখাৰ সম্পাদক মনোজ কৰ্মকাৰে আজিৰ এই কাৰ্যসুচীৰ নেতৃত্ব দিয়ে ৷
                        


                    
                    
                
                
                
                
                
                
                

        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
								
								
								
								
								
								
								
								
								
