বৰ্ণাঢ্য কাৰ্যসূচীৰে আজিৰে পৰা ৫ দিনীয়াকৈ আৰম্ভ হৈছে বোকাখাত গ্ৰন্থমেলা - ২০২৫ :

বৰ্ণাঢ্য কাৰ্যসূচীৰে আজিৰে পৰা ৫ দিনীয়াকৈ আৰম্ভ হৈছে বোকাখাত গ্ৰন্থমেলা - ২০২৫ :
Aiidesh Photo

Aiidesh News : 22 March - 2025 :

আজিৰে পৰা বোকাখাতত আৰম্ভ হৈছে বোকাখাত গ্ৰন্থমেলা ২০২৫ ৷ বোকাখাতৰ প্ৰয়াস অধ্যয়ন চক্ৰৰ উদ্যোগত পাঁচদিনীয়াকৈ বোকাখাত নাট্যমন্দিৰত এই গ্ৰন্থমেলা অনুষ্ঠিত হ’ব ৷ ইতিমধ্যে গ্ৰন্থমেলাৰ সকলো প্ৰস্তুতু সম্পুৰ্ণ হৈ উঠ্ছে ৷ বোকাখাতৰ প্ৰায় প্ৰতিখন বিদ্যালয়-মহাবিদ্যালয়ৰ পোনপটীয়া অংশগ্ৰহণৰ সমান্তৰালকৈ প্ৰায় প্ৰতিটো অনুষ্ঠান-প্ৰতিষ্ঠান-ৰাইজে সহযোগিতা আগবঢ়াইছে গ্ৰন্থ মেলাত ৷ উঠি অহা প্ৰজন্মৰ বৌদ্ধিক উৎকৰ্ষ সাধনৰ লক্ষ্য সন্মুখত ৰাখি অনুষ্ঠিত কৰিবলৈ লোৱা বোকাখাত গ্ৰন্থমেলা-২০২৫ৰ বিশিষ্ট সংগীত শিল্পী, গায়ক নয়ন অসম কলীয়াবৰীয়াই গোৱা বোকাখাত গ্ৰন্থমেলাৰ শীৰ্ষ গীত 'গ্ৰন্থ' ইতিমধ্যেই বোকাখাতত মুকলিও কৰা হৈছে ৷ 

বোকাখাতৰ সামাজিক, সাংস্কৃতিক আৰু বৌদ্ধিক চৰ্চাৰ অনুষ্ঠান 'প্ৰয়াস অধ্যয়ন চক্ৰ'ৰ উদ্যোগত আৰু বোকাখাতৰ সচেতন ৰাইজৰ সহযোগত আজিৰে পৰা ২৬ মাৰ্চলৈ ৫ দিনীয়া কাৰ্যসূচীৰে বোকাখাত নাট্য মন্দিৰ  প্ৰাংগনত অনুষ্ঠিত হ'ব 'বোকাখাত গ্ৰন্থমেলা -২০২৫' ৷ আজি পুৱা ৯.১০ বজাত স্মৃতি তর্পণৰ পাছতে পতাকা উত্তোলন আৰু বোকাখাত গ্রন্থমেলা ২০২৫ ৰ দ্বাৰ মুকলি কৰা হ’ব ৷ ইয়াৰ পাছতে বাৰেৰহণীয়া শোভাযাত্রা আৰম্ভ হ’ব ৷ আনহাতে, দুপৰীয়াৰ ভাগত গ্ৰন্থমেলাৰ বাকৰিত এটা চিত্র-ভাস্কর্য প্রদর্শনী আৰু ফটোগ্রাফী প্রদর্শন মুকলি কৰাৰ পাছতে বোকাখাতৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ প্ৰাচীৰ পত্রিকা প্রদর্শনী মুকলি কৰা হ’ব৷ ইয়াৰ পাছতেই চিদানন্দ শইকীয়া আৰু জেহিৰুল হুছেইন সোঁৱৰণত মুকলি কৰিবলগীয়া প্রগতিশীল সাহিত্য সন্মিলনৰ পাছতেই 'সত্তৰৰ গোলাঘাট' শীর্ষক প্রগতিশীল সাহিত্য সংকলন উন্মোচন কৰা হ’ব৷ ইপিনে, সন্ধিয়া বোকাখাতৰ সাহিত্য আড্ডা শীৰ্ষক এক অনুষ্ঠানৰ পাছতেই কবিতা আবৃত্তি অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব৷ নিশা শিল্পী আইদেউ সন্দিকৈ আৰু মোহিনী ৰাজকুমাৰীৰ সোঁৱৰণত ৰফিকুল হোছেইনৰ পৰিকল্পনা, পৰিচালনাৰে 'তদন্ত' নাট্য সন্ধ্যা অনুষ্ঠিত কৰা হ’ব৷ উল্লেখযোগ্য যে গ্ৰন্থমেলাৰ প্ৰতিটো অনুষ্ঠান একো একোগৰাকী প্ৰথিতযশা ব্যক্তিৰ সোঁৱৰণত উৎসৰ্গা কৰা হৈছে। আজিৰ সামগ্ৰিক অনুষ্ঠানত বোকাখাত জাতীয় বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত আজিৰ অনুষ্ঠানত সচেতন ৰাইজৰ লগতে বহু ছাত্ৰ-ছাত্ৰী  উপস্থিত থাকে৷ আয়োজক সমিতিয়ে গ্ৰন্থমেলাৰ এই বৃহৎ আয়োজনৰ বাবে ৰাইজৰ লগতে বিভিন্ন দল সংগঠন, সংবাদ মাধ্যম আদিৰ সহায় সহযোগ,দিহা পৰামৰ্শ, উপস্থিতি আন্তৰিকতাৰে কামনা কৰে।

*********