বোকাখাতৰ বৰভেটা গাওঁত অগৰু উৎপাদন, সাঁচি গছৰ খেতি আৰু অগৰু বিপননৰ বিশেষ সজাগতা সভা :

Aiidesh News :  10 November : 

অগৰু উৎপাদনৰ বাবে সাঁচি গছৰ খেতি আৰু বিপননৰ বাবে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে আজি বোকাখাতৰ বৰভেটা গাওঁত এক বিশেষ সজাগতা সভা অনুষ্ঠিত হয় ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত আৰু যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ  সহযোগত আয়োজিত এই সভাত বৰভেটা গাওঁৰ  পাৰিপাৰ্শ্বিক উন্নয়ন সমিতি  আৰু পানবাৰী গাওঁৰ পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ শতাধিক সদস্যই অংশ গ্ৰহন কৰে ৷ 

বিশিষ্ট পৰিৱেশ কৰ্মী সাংবাদিক উত্তম শইকীয়াই আঁত ধৰা এই সভাত কাজিৰঙাৰ সঞ্চালক ড৹ সোনালী ঘোষ, বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ বিশেষজ্ঞ ড৹ ৰাজীৱ বৰা আৰু নিমিশা বৰুৱা, উত্তৰ পুৱ কাজিৰঙা গাওঁ পঞ্চায়তৰ সভাপতি বিদেশ্বৰী পেগু, বোকাখাতৰ পুৱতি সাহিত্য সভাৰ সম্পাদক গীতাঞ্জলি কলিতা, বিশ্ব প্ৰকৃতি নিধি জেষ্ঠ সমন্বয়ক ড৹ প্ৰনৱজ্যোতি বৰা আৰু জয়ন্ত ডেকা, ৰাষ্ট্ৰীয় গ্ৰামীন বিকাশ নিধি সমন্বয়ক ধ্ৰুৱ জ্যোতি ঠাকুৰ, বৰভেটা  পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ সদস্য সচিব অচ্যুত কৃষ্ণ গগৈ, কাজিৰঙা কৃষি আৰু পৰ্যটন বহু মুখী সমবায় সমিতি,  বৰভেটাৰ  সভাপতি  টংকেশ্বক কৰ্মকাৰ, উপ সভাপতি ধৰ্মেশ্বৰ কুৰ্মী,সম্পাদক লোকনাথ মুণ্ডা, গাওঁ প্ৰধান বিজয় দাস , পানবাৰী পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ সভাপতি কনক লইং, বৰভেটা পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ সভাপতি মন্টু কৰ্মকাৰ আৰু বোকাখাত বনাঞ্চলৰ বনাঞ্চলিক বিষয়া মনজিত সোনোৱাল উপস্থিত থাকে ৷

সভাত কাজিৰঙাৰ সঞ্চালক ড৹ সোনালী ঘোষে বৰভেটাৰ জনসাধাৰণে সাঁচি গছ ৰোপনৰ বাবে আগ্ৰহ প্ৰকাশ কৰাৰ বাবে ধন্যবাদ জনোৱাৰ লগতে এই ক্ষেত্ৰত সকলো ধৰণৰ সহযোগিতা আগবঢ়াব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ সভাত সমল ব্যক্তি হিচাবে উপস্থিত থাকি বৰ্ষাৰণ্য গৱেষনা প্ৰতিষ্ঠানৰ বিজ্ঞানী ড৹ ৰাজীৱ বৰাই সাঁচি গছ ৰোপণ প্ৰতি পালন, অগৰু উৎপাদনৰ কৌশলৰ লগতে বিপননৰ সম্পৰ্কত সবিস্তাৰে বাখ্যা কৰাৰ উপৰিও গাওঁখনত থকা সাঁচি গছত কৃত্ৰিম ভাৱে অগৰুৰ ভেকুৰ সংস্থাপন কৰি ব্যৱহাৰিক প্ৰশিক্ষণো প্ৰদান কৰে ৷

সভাত বিশ্ব প্ৰকৃতি নিধিৰ জেষ্ঠ সমন্বয়ক ড৹ প্ৰনৱ জ্যোতি বৰাই বৰভেটাবাসী ৰাইজৰ অনুৰোধত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অনুমতি সাপেক্ষে গাওঁৰ সীমাত বনৰীয়া হাতীৰ অগ্ৰাসন প্ৰতিহত কৰিব পৰাকৈ সৌৰ শক্তি চালিত বেৰা দিয়াৰ বাবে আশ্বাস প্ৰদান কৰে ৷ সভাৰ আৰম্ভনীতেই সকলো অতিথিকেই ফুলাম গামোছাৰে আদৰণি জনোৱা হয় ৷ 

*********