আসাম প্ৰেছ কৰেছপণ্ডেণ্টছ ইউনিয়নৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন : প্ৰতিষ্ঠাপক সভাপতিক সম্বৰ্ধনা :

আসাম প্ৰেছ কৰেছপণ্ডেণ্টছ ইউনিয়নৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন : প্ৰতিষ্ঠাপক সভাপতিক সম্বৰ্ধনা :
Photo : Uttam Saikia
আসাম প্ৰেছ কৰেছপণ্ডেণ্টছ ইউনিয়নৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন : প্ৰতিষ্ঠাপক সভাপতিক সম্বৰ্ধনা :

আসাম প্ৰেছ কৰেছপণ্ডেণ্টছ ইউনিয়নৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন : প্ৰতিষ্ঠাপক সভাপতিক সম্বৰ্ধনা :
AIIDESH.NEWS : 30 April : 


ৰাজ্য সাংবাদিক সকলৰ শক্তিশালী মঞ্চ আসাম প্ৰেছ কৰেছপণ্ডেণ্টছ ইউনিয়ন চমুকৈ আপকু ৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি ৰাজ্য বিভিন্ন জিলাৰ লগতে গোলাঘাট জিলাতো উদযাপন কৰা হয় ৷ কভিড ১৯ ৰ সংক্ৰমন প্ৰতিৰোধৰ বাবে দেশজুৰি চলি থকা লক ডাউনৰ বাবে সিমীত কাৰ্যসুচী আৰু সিমীত লোকৰ উপস্থিতিত গোলাঘাট জিলাৰ দেৰগাঁও মহকুমা সমিতিৰ কাৰ্যালয়ত অকল পতাকা উত্তোলনেৰে প্ৰতিষ্ঠা দিৱস পালন কৰা হয় ৷ পতাকা উত্তোলন কৰে সংগঠনটোৰ গোলাঘাট জিলাৰ সভাপতি নৱীন গোহাঁয়ে ৷ অনুষ্ঠানত জিলাখনৰ তথ্য আৰু জনসংযোগ বিষয়া পাপু গগৈও উপস্থিত থাকে ৷ পতাকা উত্তোলনেৰে দেৰগাওঁৰ অনুষ্ঠান সামৰি বোকাখাতৰ জেষ্ঠ সাংবাদিক তথা আপকুৰ প্ৰতিষ্ঠাপক সভাপতি ভৱেশ শইকীয়াক তেওঁ বাসগৃহতে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি জিলা সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনায় ৷ আপকুৰ জিলা সমিতিৰ হৈ সম্পাদক প্ৰনৱ চক্ৰৱতীয়ে প্ৰতিষ্ঠাপক সভাপতি গৰাকীক সম্বৰ্ধনা জনায় ৷ সম্বৰ্ধনা গ্ৰহন কৰি প্ৰতিষ্ঠাপক সভাপতি ভৱেশ শইকীয়াই লক ডাউনৰ এই জটিল সময়ত মানুহক সংবাদ জড়িয়তে মানুহক ত্ৰাসিত নকৰি সেৱা আগবঢ়াবৰ বাবে সাংবাদিক সকলক আহ্বান জনায় ৷