১০৫ নং বোকাখাত বিধানসভাৰ বাবে ৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল : ড০ হিমন্ত বিশ্ব শৰ্মাক লগতলৈ অতুল বৰাৰ মনোনয়ন প্ৰদান :
Aiidesh News : 23 March - 2026 :
অসমত অনুষ্ঠিত হ’ব লগা বিধানসভা নিৰ্বাচনৰ আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা ৰাজ্যখনৰ ১০৫ নং বোকাখাত বিধানসভা সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে অসম গন পৰিষদ দলৰ সভাপতি অতুল বৰাই । সহস্ৰাধিক সমৰ্থকেৰ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক লগতলৈ অতুল বৰাই আজি জিলাৰ সদৰ গোলাঘাটত সমষ্টিটোৰ ৰিটাৰ্ণি অফিচাৰ শিৱানী জাৰ্নগেলৰ হাতত মনোনয়ন পত্ৰ দাখিল কৰে । ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰ জোঁটৰ প্ৰাৰ্থী হোৱাৰ বাবে আজি মনোনয়ন পত্ৰ দাখিলৰ সময়ত অতুল বৰাক সংগ দিয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । উল্লেখ্য যে অসম গন পৰিষদ নামৰ আঞ্চলিক দলৰ সভাপতি অতুল বৰাই প্ৰতিদ্বন্দিতা কৰা ৰাজ্যৰ ১০৫ নং বোকাখাত সমষ্টিত আজি কংগ্ৰেছ , ৰাইজৰ দল আৰু অসম জাতীয় দলৰ উমৈহতীয়া প্ৰাৰ্থি হিচাবে মনোনয়ন দাখিল কৰে হৰি প্ৰসাদ শইকীয়া, নিৰ্দলীয় প্ৰাৰ্থি প্ৰনৱ দলে, হেমন্ত দলৈ আৰু গণ্ডৱানা গণতন্ত্ৰ পাৰ্টিৰ হৈ বিবেকানন্দ ৰাজোৱাৰে মনোনয়ন পত্ৰ দাখিল কৰে । ইতিমধ্যেই বোকাখাত সমষ্টিৰ প্ৰাক্তন বিধায়ক জিতেন গগৈয়ে নিৰ্দলীয় প্ৰাৰ্থী হিচাবে ১৯ মাৰ্চতেই মনোনয়ন দাখিল কৰিছিল । যাৰ বাবে এপ্ৰিল মাহৰ ৯ তাৰিখে হ’ব লগা অসম বিধানসভাৰ নিৰ্বচনত গুৰুত্বপূৰ্ণ ১০৫ নং বোকাখাত বিধানসভা সমষ্টিত মুঠ প্ৰাৰ্থী হ’লগৈ ৬ গৰাকী । ইয়াৰে তিনি গৰাকী নিৰ্দলীয় প্ৰাৰ্থী । যাৰ বাবে বোকাখাত সমষ্টিৰ নিৰ্বাচনী যুঁজ এতিয়া আকৰ্ষণী হোৱাৰ সম্ভাৱনা আছে ।
উল্লেযোগ্য যে অসমৰ বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ আজি আছিল অন্তিম দিম । ২৪ মাৰ্চ তাৰিখে মনোনয়ন পত্ৰসমূহ পৰীক্ষণ কৰা হ'ব আৰু মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ২৬ মাৰ্চ। ৯ এপ্ৰিলত সমগ্ৰ ৰাজ্যতে এটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু ৪ মে'ত হ’ব ভোট গণনা । নিৰ্বাচন আয়োগে প্ৰকাশ কৰা চূড়ান্ত ভোটাৰ তালিকা মতে আগন্তুক বিধানসভা নিৰ্বাচনৰ ৯ এপ্ৰিলত হ’ব লগা ভোটগ্ৰহন কাৰ্যসুচীত ১০৫ নং বোকাখাত সমষ্টিত মুঠ ১,৬৪,৬৪৮ ভোটাৰে সমষ্টিটোৰ ২১৩ টা ভোটগ্ৰহন কেন্দ্ৰ মতদান কৰাৰ সুবিধা পাব । ইয়াৰে ভিতৰত ৭৯,৯৫২ গৰাকী পুৰুষ, ৮৪,৬৯৫ গৰাকী মহিলা আৰু ০১ গৰাকী তৃতীয় লিংগৰ ভোটাৰ বুলি নিৰ্বাচন আয়োগৰ সুত্ৰত প্ৰকাশ ।
*********



