কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পানবাৰী সংৰক্ষিত বনাঞ্চলত পখিলা আৰু অৰ্কিডৰ বিশেষ কৰ্মশালা :
Aiidesh News : 18 April - 2025 :
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল কৰ্তৃপক্ষৰ উদ্যোগত আজিৰে পৰা কাজিৰঙাৰ পানবাৰী সংৰক্ষিত বনাঞ্চলৰ খণ্ড বন শিৱিৰৰ বাকৰিত পখিলা আৰু অৰ্কিডৰ এক বিশেষ কৰ্মশালা অনুষ্ঠিত হয় ৷ কাজিৰঙাৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত এই কৰ্মশালাত বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়, চি এন বি মহাবিদ্যালয়, বেষ্ট একাডেমি, কাজিৰঙা চৰকাৰী আদৰ্শ মহাবিদ্যালয়, গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়, কলিয়াবৰ মহাবিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয় আৰু অৰুণাচলৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ ৫৫ গৰাকী ছাত্ৰ ছাত্ৰী আৰু বনকৰ্মীয়ে অংশগ্ৰহন কৰে ৷ কাজিৰঙাৰ ক্ষেত্ৰ সঞ্চালক ড৹ সোনালী ঘোষৰ আদৰণী ভাষণেৰে আৰম্ভ হোৱা এই অনুষ্ঠানতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ দ্বাৰা প্ৰকাশিত অৰ্কিড, পখিলা, পানবাৰী সংৰক্ষিত বনাঞ্চল আৰু চৰাইৰ বিষয়ক চাৰিখন পুস্তিকা উন্মোচন কৰা হয় ৷ আদৰণী ভাষণত সঞ্চালক ড৹ সোনালী ঘোষে পানবাৰী সংৰক্ষিত বনাঞ্চলত পৰ্যটকৰ বাবে আৰম্ভ কৰা পখিলা, চৰাই আৰু অৰ্কিড ৱাক নামৰ পৰ্যটকৰ বাবে আৰম্ভ কৰা বিশেষ সুবিধাৰ বিষয়ে অংশগ্ৰহনকাৰী ছাত্ৰ ছাত্ৰী সকলক অৱগত কৰে ৷ কাজিৰঙাৰ অধীক্ষক গীতাঞ্জলি কলিতা আৰু পৰিবেশ কৰ্মী উত্তম শইকীয়াই আঁতধৰা উদ্বোধনী অনুষ্ঠানত সঞ্চালক ড৹ সোনালী ঘোষৰ উপৰিও পখিলা বিশেষজ্ঞ ড৹ মনচুন জ্যোতি গগৈ, অৰ্কিডৰ বিশেষজ্ঞ খয়ানজিত গগৈ, পৰ্যটন কৰ্মী অভিজিত গগৈ, পখিলাৰ গৱেষক গৌৰৱ নন্দী দাস, প্ৰকৃতি সংগঠনৰ প্ৰতিনিধি, ৰাষ্ট্ৰীয় উদ্যানখনৰ কেউটা বনাঞ্চলৰ বনাঞ্চলিক বিষয়া সকলৰ লগতে বনকৰ্মী আৰু ছাত্ৰ ছাত্ৰী সকলে অংশগ্ৰহন কৰে ৷
উদ্বোধনী অনুষ্ঠানৰ পিচতেই কৰ্মশালাৰ প্ৰথমাৰ্ধত অৰ্কিড বিশেষজ্ঞ খয়ানজিত গগৈয়ে বিভিন্ন প্ৰকাৰৰ অৰ্কিড, অৰ্কিডৰ বিতৰণ, জলবায়ু আদিৰ উপৰিও কাজিৰঙাত পোৱা অৰ্কিডৰ ওপৰত সচিত্ৰ উপস্থাপন কৰি ছাত্ৰ ছাত্ৰী সকলৰ সৈতে মত বিনিময় কৰে ৷ একেদৰে ড৹ মুচচুন জ্যোতি গগৈয়েও বিভিন্ন প্ৰকাৰৰ পখিলা, পখিলাৰ আৱাস, জলবায়ু, সমস্যা আদিৰ বিষয়ত সচিত্ৰ উপস্থাপনেৰে ছাত্ৰ ছাত্ৰীৰ লগত মত বিনিময় কৰে ৷ ইয়াৰ পিচতেই ছাত্ৰ ছাত্ৰী সকলক জীপচিৰে পানবাৰী সংৰক্ষিত বনাঞ্চলৰ ভিতৰলৈ লৈ যোৱা হয় ৷ সংৰক্ষিত বনাঞ্চলৰ মদাৰজুৰি বনশিৱিৰৰ এলেকাত ছাত্ৰ ছাত্ৰী সকলক বনাঞ্চল খনত পোৱা বিভিন্ন প্ৰজাতিৰ অৰ্কিড আৰু এই অৰ্কিড বোৰে আশ্ৰয় লোৱা গছবোৰো দেখুৱা হয় ৷ ১৯ এপ্ৰিলৰ পুৱাতেই ছাত্ৰ ছাত্ৰী সকলক পানবাৰী বনাঞ্চলত পখিলা চিনাক্তকৰণ কৰাৰ লগতে পখিলা সংৰক্ষণ ওপৰত ক্ষেত্ৰ ভিত্তক প্ৰশিক্ষণ প্ৰদান কৰিব ড৹ মনচুন জ্যোতি গগৈ আৰু গৌৰৱ নন্দী দাসে ৷
**********
                        


                    
                    
                
                
                
                
                
                
                

        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
								
								
								
								
								
								
								
								
								
								
