গোলাঘাট জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সকীয়নী : তিনি দিনৰ ভিতৰত সমস্যা সমাধানৰ দাবী :

গোলাঘাট জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সকীয়নী : তিনি দিনৰ ভিতৰত সমস্যা সমাধানৰ দাবী  :
Aiidesh photo
গোলাঘাট জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সকীয়নী : তিনি দিনৰ ভিতৰত সমস্যা সমাধানৰ দাবী  :

গোলাঘাট জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সকীয়নী : তিনি দিনৰ ভিতৰত সমস্যা সমাধানৰ দাবী  :

Aiidesh News : 25 November  :


তিনিদিনৰ ভিতৰত গোলাঘাট জিলাৰ শিক্ষক আৰু শিক্ষাৰ্থীৰ সমস্যা সমাধান কৰিবলৈ গোলাঘাট জিলা প্ৰাথমিক শিক্ষা বিষয়াক দাবী জনাইছে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক প্ৰধান ৰাতুল চন্দ্ৰ গোস্বামীয়ে । তিনিদিনৰ ভিতৰত সমস্যা সমাধান নকৰিলে পাঁচ দিনৰ পিচত বিষয়া গৰাকীৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ।


উল্লেখ্যযে জিলা প্ৰাথমিক শিক্ষা বিষয়া গৰাকীয়ে  বোকাখাত মহকুমা প্ৰাথমিক  শিক্ষক সন্মিলনীৰ ২৩ নৱেম্বৰত অনুষ্ঠিত হ'ব লগা অধিৱেশন অনুষ্ঠিত কৰাত শৈক্ষিক ক্ষতি দোহাই দি বাধা আৰোপ কৰিছিল । ফলত বুধবাৰৰ দিনা লাচিত দিৱসৰ বন্ধত  এই অধিবেশন অনুষ্ঠিত কৰিব লগা হয় ।


ক'ভিড কালীন সময়ৰ শৈক্ষিক ঘাটি পূৰণৰ লগতে শিক্ষক ছাত্ৰ ছাত্ৰীৰ সমস্যা সমাধানৰ বিষয়েও আলোচনা কৰাৰ কথা আছিল এই অধিবেশনতে । জিলা শিক্ষা বিষয়াৰ আচৰনত ক্ষোভ প্ৰকাশ কৰি প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে পৰম্পৰাগত ভাবে চলি অহা অধিৱেশনৰ ক্ষেত্ৰত এনে বাধা সহ্য কৰা নহ'ব বুলি মন্তব্য কৰে । গোলাঘাটৰ প্ৰাথমিক শিক্ষা বিষয়া গৰাকীক প্ৰত্যাহ্বান জনাই গোস্বামীয়ে কয় যে ২০ বছৰ চাকৰি সম্পূৰ্ণ কৰা শিক্ষকক   এম এন পি এছৰ ধন দিবলৈ অসম চৰকাৰে ২০২০ চনতে দিয়া নিৰ্দেশৰ ৩ দিনৰ ভিতৰত কাৰ্যকৰী কৰিবলৈও বিষয়া গৰাকীক আহ্বান জনায় ৷ সম্পাদক প্ৰধান গৰাকীৰ মতে শংকা দূৰ কৰাহে বীৰত্ব, বীৰত্ব ভয় দেখুৱাবলৈ নহয় । লগতে শিক্ষক সকলকো দায়বদ্ধতাৰে সেৱা আগবঢ়ায় যাবলৈ আহ্বান জনাই ৰাতুল চন্দ্ৰ গোস্বামীয়ে ।

 

বুধবাৰে বোকাখাত মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ ত্ৰয়োদশ দ্বি বাৰ্ষিক অধিবেশন  ৰজাবাৰীত থকা শিক্ষক সন্মিলনীৰ কাৰ্যালয় প্ৰাঙ্গণত অনুষ্ঠিত হয় । দিন জোৰা কাৰ্যসূচীৰে অনুষ্ঠিত এই অধিবেশনত সভাপতি লক্ষ বড়িয়ে পুৱা পতাকা উত্তোলন কৰে । স্মৃতি তৰ্পণ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক কমল ভূঞাই । বৃক্ষ ৰোপণ কৰে অৱসৰ প্ৰাপ্ত শিক্ষক অৰুণ শৰ্মাই । প্ৰতিনিধি সভা উদ্বোধন কৰে জ্যোতিপ্ৰসাদ বৰুৱাই । পৰ্যবেক্ষক ৰূপে উপস্থিত থাকে সৰ্বভাৰতীয় সদস্য ত্ৰিদীপ বৰুৱা । পৰৱৰ্তী সময়ত লক্ষ বড়িৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ আঁত ধৰে ভাৰপ্ৰাপ্ত সম্পাদক নবীন দাসে । কেন্দ্ৰীয় শিক্ষাখণ্ডৰ শিক্ষা বিষয়া প্ৰমোদ বৰুৱাই সভা উদ্বোধন কৰে । মুখ্য অতিথি ৰূপে ভাগ লয় অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰাক্তন সভাপতি জীৱন চন্দ্ৰ বৰাই । সভাত নবীন দাসৰ দুখন গ্ৰন্থ "লাভলীনা বৰগোহাঁই, টকীঅ' ২০২০, এন আনটল্ড ষ্টৰী" আৰু "কুইজ,সাঁথৰ,জতুৱা ঠাঁচ" উন্মোচন কৰে বুবুল দত্তই ।

*******