বোকাখাতৰ নুমলীগড় চাহ বাগিচাত অচিনাক্ত মৃতদেহ উদ্ধাৰ :

Aiidesh News  : 11 March 2024 :

বোকাখাতৰ নুমলীগড় চাহ বাগিছাত আজি পুৱাতে বাগিচাৰ মাজত এজন অচিনাকী লোকৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে । চাহ বাগিচা খনৰ ২৪ নম্বৰ বাগানত  ঘাঁহ কাটিবলৈ যোৱা লোকে প্ৰত্যক্ষ কৰে অচিনাক্ত মৃতদেহটো । অচিনাক্ত মৃতদেহটো নীলা ৰঙৰ জিন্স পেন্ট পৰিহিত অৱস্থাত পোৱা হয় । ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ হৈছে ৷

*********