কাজিৰঙাত বৰ্ণিহাটৰ ৰাজ্যিক বন সেৱা কেন্দ্ৰীয় প্ৰতিষ্ঠানত প্ৰশিক্ষণৰত সহকাৰী বনসংৰক্ষৰ দল : কাজিৰঙাত সপ্তাহ জোৰা প্ৰশিক্ষণ :

Aiidesh News :  11 March - 2024  :

ক্ষেত্ৰ অধ্যয়ন আৰু প্ৰশিক্ষনৰ বাবে কাজিৰঙাত আহি উপস্থিত হৈছে বৰ্ণিহাটত থকা ৰাজ্যিক বন সেৱা কেন্দ্ৰীয় প্ৰতিষ্ঠানৰ ৪৭ জনীয়া এক প্ৰশিক্ষাৰ্থীৰ দল ৷ নৱ নিযুক্ত সহকাৰী বন সংৰক্ষকৰ এই প্ৰশিক্ষাৰ্থী সকলে এটা সপ্তাহ কাজিৰঙাত থাকি প্ৰশিক্ষণ লোৱাৰ উপৰিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় গাওঁৰ পাৰিপাৰ্শ্বক উন্নয়ন সমিতিৰ সৈতে মাইক্ৰ প্লেন প্ৰস্তুত কৰাৰ ক্ষেত্ৰত সহায় কৰিব ৷ আজি কাজিৰঙাৰ কঁহৰা পৰমানন্দ লাহন প্ৰক্ষাগৃহত প্ৰশিক্ষাৰ্থী সকলৰ প্ৰথম দিনৰ কাৰ্যসুচী অনুষ্ঠিত হয় ৷ 

কাজিৰঙাৰ সহকাৰী বন সংৰক্ষক অলক চাক্সেনা আৰু ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ গৱেষক মনিষা আশ্ৰফে আঁত ধৰা আজিৰ অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক ড৹ সোনালী ঘোষ,  ৰাজ্যিক বন সেৱাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠানৰ প্ৰশিক্ষণ সঞ্চালক এল চি বন্দনা, পৰিৱেশ কৰ্মী উত্তম শইকীয়া, কৰবেট ফাউণ্ডেচনৰ সমন্বয়ক দিব্যজ্যোতি শইকীয়া আৰু আনিশ তিৱাৰী, ৰাষ্ট্ৰীয় গ্ৰামীন বিকাশ নিধিৰ সমন্বয়ক জানকী পেগুৰ লগতে ৪৭ গৰাকী প্ৰক্ষিক্ষাৰ্থীৰ উপৰিও কাজিৰঙাৰ কাষৰীয় পাৰিপাৰ্শ্বক উন্নয়ন সমিতিৰ বিভাগীয় সদস্য সচিব সকল উপস্থিত থাকে ৷

অনুষ্ঠানৰ আৰম্ভনীতেই গৱেষক মনিষা আশ্ৰফে পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ জড়িয়তে বন্যপ্ৰাণী সংৰক্ষণত জনসাধাৰণৰ অংশগ্ৰহন আৰু জীৱন জীৱিকাৰ সন্দৰ্ভত আলোচনা আগবঢ়ায় ৷ পৰৱৰ্তী সময়ত পৰিবেশ কৰ্মী উত্তম শইকীয়াই কাজিৰঙাৰ কাষৰীয় ধোবাআটি বেলগুৰি গাওঁৰ পটভুমিত সংৰক্ষণৰ প্ৰত্যাহ্বান আৰু সাফল্যৰ ওপৰত সচিত্ৰ উপস্থাপন ডাঙি ধৰে ৷ ইয়াৰ পিচতেই কৰবেট ফাউণ্ডেচনৰ দিব্যজ্যোতি শইকীয়া আৰু আনিশ তিৱাৰীয়ে স্থানীয় জনগোষ্ঠীৰ আশ্বাস নিৰ্মানৰ বিভিন্ন উপাদানৰ বিষয়ে আৰু শেষলৈ ৰাষ্ট্ৰীয় গ্ৰামীন বিকাশ নিধিৰ আঁচনি বিশেষজ্ঞ জানকী পেগুয়ে জনসাধাৰণক লৈ আঁচনি প্ৰস্তুত সম্পৰ্কে প্ৰশিক্ষণ প্ৰদান কৰে ৷

অনুষ্ঠানৰ শেষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আহি বিভাগীয় মাইক্ৰ প্লেন প্ৰস্তুত সহায় কৰিবলৈ অহাৰ বাবে ৰাজ্যিক বন সেৱাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠানৰ সকলো প্ৰশিক্ষাৰ্থীক ধন্যবাদ জ্ঞাপন কৰে ৷ উল্লেখ্য যে কাজিৰঙালৈ অহা প্ৰতিষ্ঠানটোত ৰাজস্থান আৰু মধ্যপ্ৰদেশৰ সহকাৰী বন সংৰক্ষক সকল আছে ৷ প্ৰশিক্ষাৰ্থী সকলে ছয় টা গোটত বিভক্ত হৈ ১৩ মাৰ্চৰ পৰা কাজিৰঙাৰ গাওঁ সমুহ পৰিদৰ্শন কৰি গাওঁবাসীৰ সৈতে মাইক্ৰ প্লেন বনোৱাৰ কাম সম্পাদন কৰিব ৷