কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষন কেন্দ্ৰত প্ৰতিপালিত মিহিক বুঢ়াচাপৰি অভয়াৰণ্যত পুনৰসংস্থাপন :

কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষন কেন্দ্ৰত প্ৰতিপালিত  মিহিক বুঢ়াচাপৰি অভয়াৰণ্যত পুনৰসংস্থাপন  :
Aiidesh Photo

Aiidesh News  : 28 May - 2024  :

মিহি এতিয়া ষোড়শী গাভৰু ৷ বিগত চাৰিটা বছৰ পশু চিকিৎসকৰ প্ৰতিপালনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰ বৰজুৰিত থকা বন্যপ্ৰাণীৰ পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত ডাঙৰ হৈছিল মিহি ৷ ২০২০ চনৰ ২০ জানুৱাৰীত মাক আৰু দলৰ পৰা বিচ্চেদিত হোৱা এটি কনমানী এচীয় প্ৰজাতিৰ ম'হ পোৱালীক কাজিৰঙাৰ কঁহৰা ৰেঞ্জৰ মিহি বিলৰ পৰা উদ্ধাৰ কৰি কেন্দ্ৰটোলৈ অনা হৈছিল ৷ কেন্দ্ৰৰ পশু পালক সকলে ম'হজনীৰ নাম ৰাখিছিল মিহি ৷ ষোড়শী মিহিক আজি পুৱতি নিশাতেই বন্যপ্ৰাণীৰ পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ বুঢ়াচাপৰি অভয়াৰণ্যলৈ প্ৰেৰণ কৰা হয় ৷ এতিয়াৰে পৰা বুঢ়াচাপৰি অভয়াৰণ্যয়ে হ'ব মিহিৰ নতুন বাসস্থান ৷ 

আজি পুৱাতেই কেন্দ্ৰটোৰ জেষ্ঠ পশু চিকিৎসক ডা৹ ভাস্কৰ চৌধুৰী আৰু কাজিৰঙাৰ বিভাগীয় পশু চিকিৎসক ডা৹ বিশ্বজিত বৰুৱাৰ নেতৃত্বত চেতনানাশক প্ৰয়োগ কৰি মিহিক কৰায়ত্ব কৰা হয় ৷ পিচত বনবিভাগ আৰু পশুচিকিৎসকৰ তত্বাৱধানত মিহিক গাড়ীত উঠাই বুঢ়াচাপৰি অভয়াৰণ্যলৈ নি সফলতাৰে মুকলি কৰা হয় ৷ 

*********