কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দুটা নতুন স্তন্যপায়ী প্ৰজাতিৰ সম্ভেদ : স্তন্যপায়ী প্ৰাণী দুটা হ’ল বিনটুৰং আৰু সৰু হাতোঁৰাৰ উদ : ইয়াৰ ফলত ৰাষ্ট্ৰীয় উদ্যানৰ স্তন্যপায়ী প্ৰজাতিৰ সংখ্যা ৩৭ লৈ বৃদ্ধি :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দুটা নতুন স্তন্যপায়ী প্ৰজাতিৰ সম্ভেদ  : স্তন্যপায়ী প্ৰাণী দুটা হ’ল বিনটুৰং আৰু সৰু হাতোঁৰাৰ উদ  :  ইয়াৰ ফলত ৰাষ্ট্ৰীয় উদ্যানৰ স্তন্যপায়ী প্ৰজাতিৰ সংখ্যা ৩৭ লৈ বৃদ্ধি  :
Photos. Arun Vignesh and Chirantanu Saikia

Aiidrsh News : 22 January 2024 : 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ স্তন্যপায়ী তালিকাত শেহতীয়াকৈ আৰু দুটা প্ৰজাতিৰ নাম অন্তৰ্ভুক্ত হ'ল ৷ এই দুই প্ৰাণীৰ উপস্থিতি তথ্যই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ  স্তন্যপায়ী প্ৰজাতিৰ সংখ্যা ৩৭ লৈ বৃদ্ধি কৰিলে ৷ ভাৰতৰ বন্যপ্ৰাণী সংৰক্ষণ ইতিহাসৰ বাবে ই এক অতি গুৰুত্বপূৰ্ণ খবৰ ৷ যাক লৈ এতিয়া উৎফুল্লিত বন্যপ্ৰাণী সংৰক্ষণত জড়িত প্ৰতিজন লোক ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পঞ্চম পক্ষী গননাৰ লগতে সমসাময়িক কৈ হোৱা বন্যপ্ৰাণীৰ বিশেষ জৰীপত ৰাষ্ট্ৰীয় উদ্যানখনত নতুন দুটা প্ৰজাতিৰ সম্ভেদ পোৱা হয় ৷ বিগত সময় কোনো কোনো লোকে প্ৰাণী দুবিধ প্ৰত্যক্ষ কৰিছিল যদিও বিধিগত ভাৱে চিনাক্ত কৰণ কৰি নথিভূক্ত কৰিব পৰা নাছিল ৷ ৰাষ্ট্ৰীয় উদ্যান খনৰ স্তন্যপায়ী প্ৰজাতিৰ তালিকাত অন্তৰভুক্ত হোৱা   নতুন প্ৰজাতি দুটাৰ এটা ভাৰতত পোৱা ডাঙৰ জহামাল প্ৰজাতিৰ বিনটুৰং বা Arctictis binturong  ৷ যাক অসমীয়াত বহুতে ইউং বুলি কয় ৷ বিনটুৰং ভাৰতীয় বন্যপ্ৰাণী প্ৰতিৰক্ষা আইনৰ প্ৰথম অনুসুচীত ভুক্ত প্ৰাণী ৷ শেষতীয়া পক্ষী গননাৰ সময়ত প্ৰথম বাৰৰ বাবে কাজিৰঙাত বিনটুৰংৰ উপস্থিতি নিশ্চিত কৰা হয় ৷ পঞ্চম জলচৰ পক্ষী গননাৰ সময়ত যোৱা ১০ জানুৱাৰীত চেভেন চিচষ্টাৰৰ ট'ৰ এণ্ড ট্ৰেভেল নামৰ প্ৰতিষ্ঠানটোৰ ট'ৰ গাইড চিৰন্তনু শইকীয়াৰ কেমেৰাত ৰাষ্ট্ৰীয় উদ্য়ানখনৰ বুঢ়াপহাৰ বনাঞ্চলত বন্দী হয় বিটুৰংৰ ছবি ৷ এই ছবিয়ে কাজিৰঙাত বিনটুৰংৰ উপস্থিতি নিশ্চিত কৰে ৷ বিনটুৰং দক্ষিন আৰু দক্ষিন পুৱ এচিয়াৰ বাসিন্দা যদিও কাজিৰঙাত প্ৰথম বাৰৰ বাবেহে ইয়াৰ উপস্থিত নিশ্চিত কৰা হয় ৷

প্ৰথম বাৰৰ বাবে কাজিৰঙাত সম্ভেদ পোৱা দ্বিতীয়টো প্ৰাণী হ'ল সৰু হাতোঁৰাৰ উদ বা Small-clawed otter  ৷ অলপতে ৰাষ্ট্ৰীয় উদ্যান খনত ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠান আৰু ৰাজ্যৰ বন বিভাগৰ যৌথ উদ্যোগত বনকৰ্মী আৰু বন বিষয়াৰ বাবে হোৱা ক্ষেত্ৰ অধ্যয়ন আৰু প্ৰশিক্ষণৰ সময়ত ডি অফ অ’ অৰুণ বিঘ্নেশৰ কেমেৰাত সৰু হাতোঁৰাৰ উদৰ ছবি আবদ্ধ হয় ৷ হিশ্বৰ বিশিষ্ট উদৰ বিশেষজ্ঞ ড৹ এছ এ হোছেইনে এই উদক সৰু হাঁতোৰাৰ উদ বুলি চিনাক্ত কৰে ৷ উদ বিশেষজ্ঞ গৰাকীৰ নেতৃত্বত ২০ জানুৱাৰীত  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীৰ বাবে আয়োজিত উদ নিৰীক্ষণ আৰু প্ৰশিক্ষণ কাৰ্যসুচীত কাজিৰঙাত এই প্ৰজাতি উদৰ উপস্থিত নিশ্চিত হয় ৷ নৱ নিযুক্ত বনকৰ্মী সকলৰ বাবে বিশেষকৈ আয়োজিত এই ক্ষেত্ৰ অধ্যয়নে আৰু বহু নতুন নতুন তথ্য দিব পাৰে বুলি আশাবাদী কাজিৰঙাৰ সঞ্চালক ড৹ সোনালী ঘোষ ৷

কাজিৰঙা উদৰ এক গুৰুত্ব পুৰ্ণ আৱাস যদিও প্ৰথমবাৰৰ সৰু হাতোঁৰাৰ উদৰ প্ৰজাতি পোৱা গ'ল ৷ সৰু হাতোঁৰাৰ উদ প্ৰজাতিক Anoyx cinerus  আৰু এচিয়ান সৰু হাতোঁৰাৰ উদ বুলিও জনা যায় ৷ এই উদক বিশ্ব সবাটোতকৈ সৰু প্ৰজাতিৰ উদ বুলিও জনা যায় ৷ দক্ষিন আৰু দক্ষিন পুৱ এচিয়াৰ বাসিন্দা এই সৰু হাতোঁৰাৰ উদক ভাৰতৰ অসম, পশ্চিম বংগ, অৰুণাচল প্ৰদেশ, কৰ্নাটক, তামিলনাডু,  কেৰেলা আৰু পশ্চিমঘাটৰ সংৰক্ষিত বনাঞ্চলত পোৱা যায় যদিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজিলৈকে এই সৰ হাঁতোৰাৰ উদৰ উপস্থিতৰ নিশ্চিত কৰিব পৰা হোৱা নাছিল ৷ পুৰ্বতে পশ্চিম হিমালয় আৰু উৰিষ্যাতো এই প্ৰজাতিৰ উদ দেখা গৈছিল যদিও শেষতীয়াকৈ এই দুই স্থানত ইয়াক দেখাৰ তথ্য নাই ৷ সৰু হাতোঁৰাৰ উদো ভাৰতীয় বন্যপ্ৰাণী প্ৰতিৰক্ষা আইনৰ প্ৰথম অনুসুচী ভুক্ত  প্ৰাণী ৷ সাধাৰন বা কোমল নোমৰ উদৰ উপস্থিতিৰ উপৰিও সৰু হাতোঁৰাৰ উদৰ উপস্থিতিয়ে কাজিৰঙা আৰ্দ্ৰ ভুমিৰ ৰজা নামেৰে খ্যাত উদৰ গুৰুত্বপুৰ্ণ স্থান হিচাবে পৰিগণিত কৰিলে ৷ এই দুই স্তন্যপায়ী প্ৰজাতিৰ উপস্থিতিৰ সম্ভেদ পোৱাৰ পিচত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্য়ানত নৱ নিয়ুক্ত বনকৰ্মী সকলৰ ক্ষেত্ৰ অধ্যয়ন আৰু প্ৰশিক্ষণ এমাহৰ বাবে কৰা হব বুলি সঞ্চালক ড০ সোনালী ঘোযে জনাইছে ।

*********