আবতৰীয়া বানে বুৰালে ধাননি কৃষকৰ হাহাকাৰ

আবতৰীয়া বানে বুৰালে ধাননি  কৃষকৰ হাহাকাৰ
কৃষকৰ হাহাকাৰ

বকো সমষ্টিৰ অন্তর্গত জামলাইত আবতৰীয়া বানে বুৰালে ধাননি৷ ফলত পানীত বুৰ যোৱা অপূৰঠ ধানবোৰ কাটিবলগীয়া হোৱা ঘটনাই কৃষক ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে, যোৱা দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণত অঞ্চলটোত বিস্তীর্ণ খেতিপথাৰ পানীৰ তলত বুৰ যায়৷

আবতৰীয়া বানৰ সৃষ্টি হোৱাত কৃষকে পৰিশ্রম কৰি কৰা বিভিন্ন জাতৰ ধানৰ পথাৰ নিশাৰ ভিতৰতে বুৰ যোৱাত আজি অঞ্চলটোৰ শ শ কৃষকে হাতত কাচি লৈ একঁকাল পানীত নামি তেওঁলোকে কৰা সপোনৰ খেতিত হোৱা ধানবোৰ কাটিবলৈ বাধ্য হৈ পৰে৷

শ শ বিঘা ভূমিত ধান খেতি কৰে যদিও পূৰঠ নোহোৱা ধানবোৰ পানীৰ তলত পৰাত কৃষকে চকুলো টুকি ধানবোৰ কাটিবলৈ বাধ্য হৈ পৰে৷ জানিব পৰা মতে, জামলাই, গাৰোহিছা, বিদ্যানগৰ, কল্যাণপুৰ, নাইটৰ, খামেৰী, অদলা আদি অঞ্চলৰ দুখীয়া কৃষকসকলে বিভিন্ন বেংকৰ পৰা ঋণ লৈ ধান খেতি কৰে৷

কিন্তু কৃত্রিম বানে সকলো নিঃশেষ কৰি দিয়ে৷ ইপিনে ৰাজ্যত অব্যাহত আছে লকডাউন৷ আনপিনে আবতৰীয়া বানে কৃষকক কৰিলে সর্বস্বান্ত৷ লকডাউনৰ ফলত কর্মহীন হৈ পৰা দুখীয়া কৃষকৰ এনে দুৰৱস্থাৰ প্রতি চৰকাৰক দৃষ্টি দিবলৈ দাবী জনাইছে কৃষকসকলে