বাৰিষাৰ পূর্বে মথাউৰি নির্মাণৰ কাম সম্পূর্ণ হব

বাৰিষাৰ পূর্বে মথাউৰি নির্মাণৰ কাম সম্পূর্ণ হব

ৰাজ্য চৰকাৰৰ জলসম্পদ, বিজ্ঞান আৰু প্রযুক্তিবিদ্যা বিভাগৰ মন্ত্রী কেশৱ মহন্তই বৃহস্পতিবাৰে ডিব্রুগড় জিলাত উপস্থিত হৈ জিলাখনত বান আৰু গৰাখহনীয়া প্রতিৰোধৰ বাবে জলসম্পদ বিভাগে ৰূপায়ণ কৰি থকা কামৰ অগ্রগতিৰ পর্যালোচনা কৰে ৷ লকডাউনৰ বাবে প্রভাৱান্বিত হোৱা মথাউৰিৰ নির্মাণকার্য বাৰিষাৰ পূর্বে অগ্রাধিকাৰ ভিত্তিত শেষ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি জলসম্পদ মন্ত্রী কেশৱ মহন্তই জিলা উপায়ুক্তৰ কার্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন সভাত জিলাখনৰ বান আৰু গৰাখহনীয়া প্রভাৱিত স্পর্শকাতৰ এলেকাসমূহত জলসম্পদ বিভাগে ৰূপায়ণ কৰি থকা আঁচনিৰ অগ্রগতিৰ বুজ লয় ৷ ডিব্রুগড জিলাৰ ১৫টা অতি স্পর্শকাতৰ স্থানসহ মুঠ  ৩৪টা স্পর্শকাতৰ স্থানত জলসম্পদ বিভাগে হাতত লোৱা কামৰ স্থিতি, অগ্রগতিৰ বুজ লৈ এনে স্পর্শকাতৰ এলেকাৰ সুৰক্ষাৰ বাবে গ্রহণ কৰিবলগীয়া অতিৰিক্ত ব্যৱস্থাৱলী সন্দর্ভতো মন্ত্রীগৰাকীয়ে উপস্থিত বিধায়কসকল ক্রমে প্রশান্ত ফুকন, ঋতুপর্ণ বৰুৱা, তেৰছ গোৱালা, নৰেন সোণোৱাল আৰু উপায়ুক্ত পল্লৱ গোপাল ঝাৰে বিস্তৃতভাৱে আলোচনা কৰে