গহপুৰৰ বিহালীৰ পৰা আটক দূধৰ্ষ দুই গঁড়ৰ চোৰাংচিকাৰী : কহঁৰা আৰক্ষীৰ সফল অভিযান :

গহপুৰৰ বিহালীৰ পৰা আটক দূধৰ্ষ দুই গঁড়ৰ চোৰাংচিকাৰী : কহঁৰা আৰক্ষীৰ  সফল অভিযান :
আৰক্ষীৰ অভিযানত ধৃত দুই গঁড় চিকাৰী

 

লকডাউন চলি থকাৰ সময়তে গঁড় চিকাৰীৰ বিৰুদ্ধে অভিযান চলাই কহঁৰা আৰক্ষীয়ে বিহালীৰ পৰা আটক কৰিছে দুই দূধৰ্ষ চোৰাংচিকাৰীক ৷ শুক্ৰবাৰৰ দিনা কাজিৰঙাৰ কহঁৰা আৰক্ষীয়ে বিহালীৰ পৰা আটক কৰিছে এই দুই দুধৰ্ষ চোৰাং চিকাৰীক । এক গোপন সুত্ৰৰ আধাৰত কহঁৰা আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেৱেন বৰাৰ নেতৃত্বত যোৱা এক অভিযানকাৰী দলে বিশ্বনাথ চাৰিআলিৰ বিহালীৰ পৰা আটক কৰিছে ৰমেন দাস আৰু প্ৰাঞ্জল শইকীয়া নামৰ দুই দূধৰ্ষ চোৰাং চিকাৰীক । আৰক্ষীৰ অভিযানকাৰী দলটোয়ে বিহালি আৰক্ষীৰ সহযোগত বিহালীৰ নিজ বাসগৃহৰ পৰা আটক কৰা এই দুই চোৰাংচিকাৰী বিগত বৰ্ষৰ ৩১ মাৰ্চ তাৰিখে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ দুসুঁতি বনশিৱিৰ এলেকাত সংঘটিত হোৱা গঁড় হত্যাত জড়িত বুলি বোকাখাতৰ মহকুমা আৰক্ষী বিষয়া পৃথ্বীৰাজ ৰাজখোৱাই জানিবলৈ দিয়ে । আৰক্ষীৰ জেৰাত চোৰাংচিকাৰী ৰমেন দাস আৰু প্ৰাঞ্জল শইকীয়াই ২৫ হাজাৰ টকাৰ বিনিময়ত গঁড় হত্যাৰ লগত জড়িত চোৰাংচিকাৰীৰ দলটোক নাৱেৰে ব্ৰহ্মপুত্ৰ নদী পাৰ হোৱাত সহায় কৰাৰ কথা স্বীকাৰ কৰিছে । অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷