কাজিৰঙাত ৰাষ্ট্ৰীয় বাঘ সংৰক্ষন প্ৰাধিকৰণৰ উদ্যোগত আঞ্চলিক কৰ্মশালা : পুৱ ভাৰতৰ ৬ খন ৰাজ্যৰ ১২ খন ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক আৰু উপ সঞ্চালকৰ অংশ গ্ৰহন :

কাজিৰঙাত ৰাষ্ট্ৰীয় বাঘ সংৰক্ষন প্ৰাধিকৰণৰ উদ্যোগত আঞ্চলিক কৰ্মশালা  :  পুৱ ভাৰতৰ ৬ খন ৰাজ্যৰ ১২ খন ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক আৰু উপ সঞ্চালকৰ অংশ গ্ৰহন  :
Aiidesh Photo

Aiidesh News  : 9 October 2023  :

কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ প্ৰাধিকৰণৰ উদ্যোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৯ অক্টোবৰৰ পৰা দুদিনীয়া কাৰ্যসুচীৰে "ব্যাঘ্ৰ সংৰক্ষণৰ ব্যৱস্থাপনাত পৰিৱৰ্তনশীল প্ৰৱণতা" সম্পৰ্কত এক আঞ্চলিক কৰ্মশালাৰ আয়োজন কৰিছে ৷ কাজিৰঙাৰ কঁহৰাত থকা আয়'ৰা ৰিজৰ্টৰ প্ৰেক্ষাগৃহত আয়োজিত এই কৰ্মশালাত ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণৰ শীৰ্য় বিষয়া ড০ অমিত মল্লিক, ডব্লিউ. লংৱা, আৰু চাজিদ চুলতান উপস্থিত থাকি ব্যাঘ্ৰ প্ৰকল্পৰ সম্পৰ্কত ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল বোৰৰ ক্ষেত্ৰ সঞ্চালক আৰু উপ-ক্ষেত্ৰ সঞ্চালক সকলৰ সৈতে আলোচনা কৰে ৷

কাজিৰঙাৰ সঞ্চালক ড৹ সোনালী ঘোষৰ আদৰণী ভাষণেৰে আৰম্ভ হোৱা এই কৰ্মশালাত ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণৰ মুখ্যালয়ৰ বিষয়া ড৹ড০ অমিত মল্লিকে ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষন প্ৰাধিকৰন আৰু ইয়া কাৰ্যাৱলীৰ বাখেযা কৰাৰ লগতে চাজিদ চুলতানে ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ তথ্য উপলব্ধ পৰ্টেল,  এম ষ্টিপচ প্ৰযুক্তি আৰু ৰাষ্ট্ৰীয় ব্যাঘ্য সংৰক্ষন আঁচনিৰ বাখ্যা কৰে ৷

দেশৰ বাঘ সংৰক্ষণৰ বাবে অতি গুৰুত্বপুৰ্ণ বুলি বিবেচিত এই কৰ্মশালাত ভাৰতৰ পূব মণ্ডলৰ ৬ খন ৰাজ্যৰ ১২ খন ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল ক্ৰমে কাজিৰঙা, মানস, নামৰি, ওৰাং, পাক্কে, নামদাফা, কামলাং, ডাম্পা, বাক্সা, সুন্দৰবন, বাল্মীকি আৰু পালামৌৰ ক্ষেত্ৰ সঞ্চালক আৰু উপ-ক্ষেত্ৰ সঞ্চালক সকলে অংশগ্ৰহন কৰে ৷ কৰ্মশালাৰ ৯ ছেপ্তেম্বৰৰ আলোচনাত উল্লেখিত ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ বন বিষয়াসকলে সন্মুখীন হোৱা সমস্যা আৰু প্ৰত্যাহ্বানসমূহৰ ওপৰত ক্ষেত্ৰ সঞ্চালক আৰু উপ সঞ্চালক সকলে আলোকপাত কৰে ৷  লগতে ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত ঢেকীয়াপতীয়া বাঘৰ লগতে গুৰুত্বপূৰ্ণ বন্যপ্ৰাণী প্ৰজাতিবোৰৰ সুৰক্ষা আৰু সংৰক্ষণত লাভ কৰা সফলতাৰ কাহিনীও আলোচনাত দাঙি ধৰে ৷ ইয়াৰ উপৰিও, ব্যাঘ্ৰ সংৰক্ষণৰ উন্নত ব্যৱস্থাপনাত স্থানীয় লোকৰ অংশগ্ৰহণৰ তাৎপৰ্যৰ বিষয়েও উল্লেখ কৰে । ১০ ছেপ্তেম্বৰৰ পুৱা ক্ষেত্ৰ অধ্যয়নৰ পিচতেই এই কৰ্মশালাৰ সামৰণি পৰিব ৷

*********