বোকাখাতত ১০ মং কাজিৰঙা লোকসভা সমষ্টিৰ ব্যয় পৰ্যবেক্ষক লক্ষ্মন সিং গুৰজাৰৰ বৈঠক :

বোকাখাতত ১০ মং কাজিৰঙা লোকসভা সমষ্টিৰ ব্যয় পৰ্যবেক্ষক লক্ষ্মন সিং গুৰজাৰৰ বৈঠক  :
Aiidesh Photo

Aiidesh News  : 21 March  - 2024  : 

ভাৰতৰ নিৰ্বাচন আয়োগে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ১০ নং কাজিৰঙা সমষ্টিত ভাৰতীয় ৰাজহ সেৱা বিষয়া লক্ষ্মণ সিং গুৰজাৰক সমষ্টিটোৰ ব্যয় পৰ্য্যবেক্ষক হিচাপে নিযুক্তি দিছে । ব্যয় পৰ্য্যবেক্ষক লক্ষ্মন সিং গৰজাৰে আজি বোকাখাত নিৰ্বাচনী জিলাত উপস্থিত হৈ বোকাখাতৰ নিৰ্বাচনী বিষয়া আৰু অন্যান্য সংশ্লিষ্ট বিষয়া সমূহৰ লগত মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত এখন আলোচনাত মিলিত হয় । তেখেতে সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটো নিকা, স্বচ্ছ আৰু সুচাৰু ৰূপে চলাবৰ বাবে আহ্বান জনায় আৰু এই ক্ষেত্ৰত সকলোৰে সহায় সহযোগিতা কামনা কৰে । নিৰ্বাচনী ব্যয় সংক্ৰান্তীয় বিষয়ৰ ওপৰত জনসাধাৰণে ব্যয় পর্যবেক্ষক গৰাকীক  অভিযােগ দাখিল কৰিবৰ বাবে  ৯১০১১২১৬৭১ নম্বৰৰত ফোনেৰে যােগাযােগ কৰিব পাৰিব বুলি জনসংযোগৰ তৰফৰ পৰা জনাইছে ।

*********-