বোকাখাতত আজিৰে পৰা অনুষ্ঠিত হৈছে গুনীন্দ্ৰ নাথ ফুকন সোঁৱৰণী সদৌ অসম প্ৰাইজমাণি টি-২০ ক্ৰিকেট প্ৰতিযোগিতা :

বোকাখাতত আজিৰে পৰা অনুষ্ঠিত হৈছে গুনীন্দ্ৰ নাথ ফুকন সোঁৱৰণী সদৌ অসম প্ৰাইজমাণি টি-২০ ক্ৰিকেট প্ৰতিযোগিতা :
Aiidesh Photo
বোকাখাতত আজিৰে পৰা অনুষ্ঠিত হৈছে গুনীন্দ্ৰ নাথ ফুকন সোঁৱৰণী সদৌ অসম প্ৰাইজমাণি টি-২০ ক্ৰিকেট প্ৰতিযোগিতা :

Aiidesh News  : 3 March 2024  :

আজিৰে পৰা বোকাখাতৰ ৰাজহুৱা খেলপথাৰত বোকাখাত লিটল ষ্টাৰ আৰু কল্যাণপুৰ স্পৰ্চছ ক্লাবৰ উদ্যোগত পূৱ বোকাখাত, বোকাখাত টাউন ক্লাব আৰু বোকাখাত জিলা ক্ৰীড়া সন্থাৰ সহযোগত অনুষ্ঠিত হৈছে দ্বিতীয় বাৰ্ষিক স্বৰ্গীয় গুনীন্দ্ৰ নাথ ফুকন সোঁৱৰণী সদৌ অসম  প্ৰাইজমাণি টি-২০ ক্ৰিকেট প্ৰতিযোগিতা । এই উপলক্ষে বোকাখাতৰ খেল পথাৰত আয়োজিত উদ্বোধনী অনুষ্ঠানত উল্লেখিত চাৰিওটা ক্লাবৰ হৈ পতাকা উত্তোলন কৰে ক্ৰমে আকাশ ফুকন, অভিজিত ফুকন, সমুজ্জ্বল সোনোৱাল আৰু মেহবুব আলমে । আমন্ত্ৰিত হিচাপে উপস্থিত থাকে প্ৰাক্তন ৰঞ্জি ট্ৰফী খেলুৱৈ তথা অসম ক্ৰিকেট দলৰ প্ৰশিক্ষক ক্ৰমে জাভেদ জামান আৰু শুভজিৎ শইকীয়া, জনপ্ৰিয় নেতা দেৱপ্ৰদীপ বৰা, জিলা ক্ৰীড়া সন্থাৰ সম্পাদক সঞ্জীৱ শইকীয়া, ক্ৰীড়া সংগঠক দিলীপ শইকীয়াৰ উপৰিও বোকাখাতৰ কেইবগৰাকীও বিশিষ্ট ব্যক্তি, প্ৰাক্তন খেলুৱৈ উপস্থিত থাকে ।

প্ৰতিযোগিতা খনিৰ আজিৰ উদ্বোধনী খেলখনত যোৰহাট চিনামৰা ক্ৰিকেট ক্লাব আৰু দেৰগাঁও ৰিলায়েবুল ক্লাবে অংশগ্ৰহন কৰে । উদ্বোধনী খেলখনত যোৰহাট চিনামৰা ক্ৰিকেট ক্লাবে ৬ ৰানত জয়লাভ কৰে । প্ৰথমে বেট ধৰি যোৰহাট চিনামৰা ক্ৰিকেট ক্লাবে নিৰ্ধাৰিত ২০ অভাৰত ৭ টা উইকেট হেৰুৱাই ১৪২ ৰাণ সংগ্ৰহ কৰে । দলটোৰ হৈ সৰ্বাধিক ৪০ ৰান কৰে মুস্তাকুৰ ৰহমানে । দ্বিতীয় ইনিংছত দেৰগাঁও ৰিলায়েবুল ক্লাবে নিৰ্ধাৰিত অভাৰত  ৬ টা উইকেট হেৰুৱাই ১৩৬ ৰান সংগ্ৰহ কৰে । দলটোৰ হৈ অমিত কুমাৰ সিঙে সৰ্বাধিক ৫৬ ৰান কৰে । খেলৰ মেন অব দ্য মেচ হিচাপে বিবেচিত হয় মুস্তাকুৰ ৰহমান । 

উল্লেখ্য যে প্ৰয়াত গুনীন্দ্ৰ নাথ ফুকন অসম ক্ৰীড়া বৰ্ডৰ উপাধ্যক্ষ তথা জনপ্ৰিয় যুৱনেতা আকাশ ফুকনৰ পিতৃ ৷ গুনীন্দ্ৰ নাথ ফুকনৰ স্মৃতিতেই বিগত বৰ্ষৰে পৰা বোকাখাত এই ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হৈ আহিছে ৷ এইবাৰৰ প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰৰ মুঠ ৩৮ টা ক্ৰিকেট দলে অংশ গ্ৰহন কৰিছে বুলি উদ্যোগতা সকলে জানিবলৈ দিয়ে ৷ উদ্বোধনী অনুষ্ঠানৰ শেষত প্ৰতিযোগিতাৰ মুখ্য তত্ত্বাৱধায়ক তথা লিটল ষ্টাৰ ক্লাবৰ মুখ্য উপদেষ্টা আকাশ ফুকন দেৱে উপস্থিত ৰাইজক উদ্দ্যেশি শলাগৰ শৰাই আগবঢ়াই লগতে কৃতজ্ঞতা জ্ঞাপন কৰে ।

*******