৭৮ হাজাৰ ক্ষুধাতুৰলৈ বিনামূলীয়া আহাৰ

৭৮ হাজাৰ ক্ষুধাতুৰলৈ বিনামূলীয়া আহাৰ
ক্ষুধাতুৰলৈ বিনামূলীয়া আহাৰ

 ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজত নামি পৰিছে বিশ্বৰ আগশাৰীৰ ক্রীড়াবিদসকলৰ উপৰি ফুটবল ক্লাব আৰু সংস্থাসমূহ। বিশ্বৰ অন্যতম ধনাঢ্য ফুটবল ক্লাব চেলছিয়ে বৃটেইনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱাত নিয়ােজিত লােকসকলৰ লগতে আৰু দৰিদ্ৰ ব্যক্তিলৈ বিনামূলীয়া ভােজন আগবঢ়োৱাৰ সিদ্ধান্ত লয়। ইংলিছ প্রিমিয়াৰ লীগৰ অন্যতম শক্তিশালী ক্লাবটোৱে আজি ৭৮ হাজাৰ লােকলৈ বিনামূলীয়া ভােজন যােগানৰ সিদ্ধান্ত সদৰী কৰে।

চেলছিৰ এই দানৰ বাবে বৃটেইনৰ ৫খন চিকিৎসালয়ত কৰ্মৰত স্বাস্থ্য কর্মীসকল উৎসাহিত হৈ পৰে। “আমি সদায়ে আমাৰ স্বেচ্ছাসেৱক তথা জৰুৰীকালীন সেৱাত নিয়ােজিত লােকসকলক সহায়ৰ বাবে প্রতিশ্রুতিবদ্ধ। সংকটৰ সময়ত এজনে আনজনক সহায় কৰাতাে অত্যন্ত প্রয়ােজন বুলি কয় চেলছিৰ অধ্যক্ষ ব্রুছ বাকে। ইফালে মানচেষ্টাৰ ইউনাইটেডে অল্ড টেফর্ড ষ্টেডিয়ামত জৰুৰীকালীন সেৱাত নিয়ােজিত লােকসকলক আজি হাত চাপৰিৰে অভিবাদন জনায়।