বানপানীত দিশহাৰা সৰুপেটা অঞ্চল বাসী ৰাইজ

বানপানীত দিশহাৰা সৰুপেটা অঞ্চল বাসী ৰাইজ

বিগত দ কেবাদিন ধৰি নেৰা নেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে নৈ উপনৈ সমূহৰ জলপৃষ্ঠ।
বিপদ সীমা অতিক্ৰম কৰিছে পহুমৰা নদীৰ পানীয়ে।
ক্ৰমাৎ বাঢ়ি অহা নৈৰ পানীয়ে বুৰাই পেলাইছে সৰুপেটা ৰাজহ চক্ৰৰ অন্তৰ্গত বৰবড়ি,বাটুৱা,কুৰবাহা,ভাৰেগাও, আজাষ্টৰ,আদি বহু গাঁও ।
ইতিমধ্যে কৃষি ভূমি জলমগ্ন হৈ পৰাৰ লগতে নদী কাষৰীয়া গাঁও সমূহতো সোমাইছে পানী।
লগতে গাঁওৰ সংযোগী পথতো পানী বাগৰাৰ ফলত যোগাযোগ বিছিন্ন হৈ পৰিছে।
ইতিমধ্যে গাঁও বাসী পোহনীয়া জীৱ জন্তুৰ সৈতে নিৰাপত্তা বিছিন্ন বিচাৰি মথাউৰীত আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে ।
এই দৃশ্য ভৱানীপুৰ সমষ্টিৰ সৰুপেটা অঞ্চলৰ বৰবড়ি গাঁওৰ।
উপ স্বাস্থ্য কেন্দ্র, স্কুল ,পঞ্চায়ত কাৰ্যালয় আদি সকলোতে পানী ,উপ স্বাস্থ্য কেন্দ্র লৈ একাঠু পানীৰে আহিব লগা হৈছে কৰ্মচাৰী,
নাই উপযুক্ত ৰাস্তা ,ঘাট। এই দেশ সৰুপেটা ।