যোৰহাটৰ চিনামৰা মচজিদত ১৬ বছৰৰ পূৰ্বেই তবলিগি জামাত নিষিদ্ধ কৰিছিল,

যোৰহাটৰ চিনামৰা মচজিদত ১৬ বছৰৰ পূৰ্বেই তবলিগি জামাত নিষিদ্ধ কৰিছিল,

আজিৰ পৰা ১৬ বছৰ পূৰ্বেই তবলিগি জামাত নিষিদ্ধ কৰি থৈছে  উজনিৰ যোৰহাট জিলাৰ চিনামৰাৰ নতুন মছজিদত ৷ চিনামৰা তিনিআলিৰ ওচৰতে গড়আলিৰ ৰেলৱে’ ক্ৰচিঙৰ কাষতে থকা মছজিদ পৰিচালনা কতৃপক্ষই বহু চিন্তা ভাৱনা কৰিয়েই তেনে এক সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ অৱশ্যে ইয়াৰ পিছত তেওঁলোকে বিভিন্ন পক্ষৰ পৰা সমালোচনাৰো সন্মুখীন হৈছিল ৷ বহুতে তেওঁলোকৰ এই সিদ্ধান্ত উঠাই ল’বলৈ বিভিন্ন প্ৰকাৰে হেঁচা প্ৰয়োগ কৰিছিল ৷

কিন্তু তেওঁলোক নিজৰ সিদ্ধান্তত অলৰ অচৰ হৈ থাকিল ৷ মছজিদ পৰিচালনা সমিতিৰ দুগৰাকী বিষয়-ববীয় চালেহুল গফুৰ ( বেবিন ) আৰু চফিকুৰ ৰহমানৰ মতে আজি ক’ৰনা ভাইৰাচক লৈহে তবলিগি জামাতৰ প্ৰয়োজনীয়তা প্ৰসংগই চৰ্চ্চা লাভ কৰিছে ৷ কিন্তু এনে ধৰণৰ জামাতৰ য়ে কোনো প্ৰয়োজন নাই সেয়া বহু আগতেই তেওঁলোকে অনুভৱ কৰিছিল ৷ তেওঁলোকৰ মতে ধৰ্মৰ দোহাই দি তবলিগি জামাতে কেৱল এচাম নিস্কৰ্মাহে সৃষ্টি কৰে ।