আদালতৰ দ্বাৰা বোকাখাতৰ ৬ টা জাতীয় সংগঠনৰ ১২ জন সদস্যৰ বিৰুদ্ধে আৰক্ষীয়ে তৰা গোচৰ চাৰি বছৰৰ পিচত খাৰিজ ঘোষণা :

আদালতৰ দ্বাৰা বোকাখাতৰ ৬ টা জাতীয় সংগঠনৰ ১২ জন সদস্যৰ বিৰুদ্ধে আৰক্ষীয়ে তৰা গোচৰ চাৰি বছৰৰ পিচত খাৰিজ ঘোষণা  :
Aiidesh photo

 

Aiidesh News : 21 March - 2024 :

ৰাজহুৱা সম্পত্তি ধ্বংস, ধাৰ্মিক উচতনি, চৰকাৰী বিষয়াৰ কাৰ্যত বাধা প্ৰদান আদি এলানি মিছা অভিযোগেৰে বোকাখাতৰ ৬ টা সংগঠনৰ ১২ গৰাকী সদস্যৰ ওপৰত তৰা এটা গোচৰ ২০ মাৰ্চত আদালতে খাৰিজ কৰে ৷ বোকাখাত মহকুমাৰ ন্যায়িক দণ্ডাধীশ আদালতৰ প্ৰথম শ্ৰেণীৰ দণ্ডাধীশ ৰূপম শইকীয়াৰ আদালতে চাৰিবছৰ ধৰি চলি অহা এই গোচৰত অভিযুক্ত ৬ টা সংগঠনৰ ১২ গৰাকী সদস্যক নিৰ্দোষী বুলি ঘোষণা কৰে ৷ ২০১৯ চনত বোকাখাতৰ আৰক্ষীয়ে কাজিৰঙাৰ ন’ ডেভিলপমেন্ট জ'নৰ বিৰুদ্ধে আন্দোলন কৰা ৬ টা জাতীয় সংগঠনৰ  ১২ জন সদস্যৰ বিৰুদ্ধে ভাৰতীয় দণ্ডাবিধি আইনৰ ১৪১,১৪২,১৪৩,১৫৩ (ক),৩৪১,৩৫৩ আৰু ৫০৬ আদি একাধিক ধাৰা মতে ২৯৬ / ২০১৯ নম্বৰৰ গোচৰ ৰজু কৰিছিল ৷ 

বিগত চাৰি বছৰ ধৰি চলা এই গোচৰৰ বিচাৰৰ শেষত ২০ মাৰ্চত আদালতে উল্লেখিত ৬ টা জাতীয় সংগঠনক নিৰ্দোষী বুলি ঘোষণা কৰি উল্লেখিত গোচৰ খাৰিজ কৰে ৷ উল্লেখ যে বোকাখাতৰ আৰক্ষীয়ে তৰা এই গোচৰত ১২ টা সংগঠনৰ হৈ আদালতত ওকালতি কৰিছিল অধিবক্তা কিশোৰ ছেত্ৰী, মৃত্যুঞ্জয় পেগু আৰু নাদিৰা বেগমে ৷ উল্লেখিত গোচৰত গোৰ্খা ছাত্ৰ সন্থাৰ ৰূদ্ৰ ছেত্ৰী আৰু মনিষ ভৰদ্বাজ, বোকাখাত মহকুমা ছাত্ৰ সন্থাৰ গীতাৰ্থ শইকীয়া, অসম জাতিয়তাবাদী ছাত্ৰ পৰিষদৰ অনন্ত গগৈ আৰু উৎপল গগৈ, অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সুশীল কালিন্দী, অনিত গড় আৰু সুভাষ চাওৰা, মিচিং ছাত্ৰ সন্থাৰ বিমান লইং আৰু ৰবীন দলে, বৃহত্তৰ কাজিৰঙা মানৱ সম্পদ আৰু পৰিবেশ সুৰক্ষা সমিতিৰ জিতু শৰ্মা ৰাজখোৱা আৰু প্ৰয়াত সঞ্জয় কুমাৰ গগৈক অভিযুক্ত কৰা হৈছিল ৷

কাজিৰঙাৰ ন’ ডেভিলপমেন্ট জ'নকলৈ স্থানীয় লোকৰ সহযোগত কাজিৰঙাত কৰা প্ৰতিবাদী কাৰ্যসুচীত ৩৭ নং ৰাষ্ট্ৰীয় পথ বহু সময় ধৰি বন্ধ কৰাৰ অভিযোগেৰে এওঁলোকৰ বিৰুদ্ধে আদালতত গোচৰ তৰিছিল সেই সময়ৰ বোকাখাত মহকুমা আৰক্ষী বিষয়া কল্যান দাসৰ নেতৃত্বত বোকাখাত আৰক্ষীয়ে ৷ ২০ মাৰ্চত আদালতে এই গোচৰত অভিযুক্ত সকলক নিৰ্দোষী বুলি ঘোষণা কৰাৰ পিচত আজি এক সংবাদ মেলত এই কথা সদৰি কৰে উল্লেখিত ৬ টা জাতীয় সংগঠনৰ নেতৃবৃন্দই ৷

*************