কাজিৰঙত পুনৰ গঁড় হত্যা : খৰ্গবিহীন গঁড়ৰ মৃতদেহ উদ্ধাৰ :

কাজিৰঙত পুনৰ গঁড় হত্যা  : খৰ্গবিহীন গঁড়ৰ মৃতদেহ উদ্ধাৰ  :

Aiidesh News :  27 March 2023 :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চল বৰমেৰ বিলৰ পানী যুঁৱলিত দেওবাৰৰ দিনা বিয়লি এটা খৰ্গ বিহীন গঁড়ৰ মৃতদেহ উদ্ধাৰ হয় ৷ বাগৰি বনাঞ্চলৰ কাঠপৰা বন শিৱিৰৰ বনকৰ্মীয়ে গঁড়ৰ মৃতদেহটো প্ৰত্যক্ষ কৰে ৷ মৃত গঁড়টোৰ শৰীৰৰ পৰা খৰ্গটো কাটি লৈ গৈছে চোৰাংচিকাৰীয়ে ৷ কাজিৰঙাৰ কৰতৃপক্ষৰ মতে আজিৰে পৰা ৬/৭ দিনৰ আগতেই গঁড়টো হত্যা কৰা হৈছিল ৷ সম্প্ৰতি পানীৰ যুঁৱলিত ওপঙি থকা গঁড়টোৰ লিংগ নিৰূপন কৰিব পৰা হোৱা নাই যদিও মৰোনোত্তৰ পৰীক্ষাৰ পিচতহে সঠিত তথ্য পোৱা যাব বুলি বন কৰ্তৃপক্ষই জনাইছে  ৷ মৃত গঁড়টোৰ মৰোনোত্তৰ পৰীক্ষাৰ বাবে বিভাগীয় পশু চিকিৎসকৰ দল ঘটনাস্থলীলৈ আজি পুৱাতে ৰাওঁনা হৈছে ৷ ঘটনাৰ সম্পৰ্কত তদন্ত আৰম্ভ কৰিছে কাজিৰঙাৰ কৰ্তৃপক্ষই ৷

উল্লেখ্য যে বিগত বৰ্ষত গঁড় হত্যা শূণ্য হোৱাৰ পিচত চলিত বৰ্ষত কাজিৰঙাত গঁড় হত্যাৰ এইটো প্ৰথম ঘটনা বুলি বিবেচিত হৈছে ৷

************