গ্ৰীষ্মকালীন বন্ধ প্ৰত্যাহাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ

গ্ৰীষ্মকালীন বন্ধ প্ৰত্যাহাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ
গুৱাহাটী বিশ্ববিদ্যালয়

গুৱাহাটী বিশ্ববিদ্যালয়ে প্ৰত্যাহাৰ কৰিছে গৃষ্মকালীন বন্ধ৷ গুৱাহাটী বিশ্ববিদ্যালয় আৰু ইয়াৰ অধীনস্থ মহাবিদ্যালয়, শিক্ষা প্ৰতিষ্ঠানসমূহৰ জুলাই মাহৰ গৰম বন্ধ প্ৰত্যাহাৰ কৰিছে কৰ্তৃপক্ষই ৷

সম্প্ৰতি কোৰোণাৰ ফলত বন্ধ হৈ আছে সকলো শিক্ষানুষ্ঠান৷ শিক্ষা লাভৰ পৰা বঞ্চিত হৈ আছে শিক্ষাৰ্থীসকল, আগবঢ়া নাই পাঠ্যক্ৰম৷ ইপিনে, লকডাউনৰ সময় বৃদ্ধি কৰাৰ ফলত ৩ মে'লৈ নিশ্চিত হৈ পৰিছে বন্ধ৷

এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ-ছাত্ৰীৰ শিক্ষালাভত হোৱা ক্ষতি পূৰণ কৰিবলৈ গৰম বন্ধ প্ৰত্যাহাৰৰ সিদ্ধান্ত লৈছে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই৷