কাজিৰঙাৰ বুঢ়াপাহাৰ বনাঞ্চলত ভগ্ন খৰ্গৰে এটা গঁড়ৰ মৃতদেহ উদ্ধাৰ : পাৰস্পৰিক যুঁজত গঁড়টোৰ মৃত্যু হোৱা বুলি মৰোনোত্তৰ পৰীক্ষাত প্ৰকাশ :

কাজিৰঙাৰ বুঢ়াপাহাৰ বনাঞ্চলত ভগ্ন খৰ্গৰে এটা গঁড়ৰ মৃতদেহ উদ্ধাৰ  : পাৰস্পৰিক যুঁজত গঁড়টোৰ মৃত্যু হোৱা বুলি মৰোনোত্তৰ পৰীক্ষাত প্ৰকাশ  :
Aiidesh Photo

Aiidesh News  : 23 March - 2024 : 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ পুৱ অসম বন্যপ্ৰাণী সংমণ্ডল এলেকাৰ বুঢ়াপাহাৰ বনাঞ্চলত আজি পুৱা এটা খৰ্গ বিহীন মৃত গঁড় উদ্ধাৰ হয় ৷ উদ্যান কৰ্তৃপক্ষই জনোৱা মতে আজি পুৱা বুঢ়াপাহাৰ বনাঞ্চলৰ  টুনিকাটি বন শিবিৰ বনকর্মী সকলে দৈনন্দিনৰ কৰা পহৰাৰ সময়ত বনশিবিৰৰ পশ্চিম দিশত ইকৰাণিৰ মাজত এটা খৰ্গ বিহীন মৃত গঁড় প্ৰত্যক্ষ কৰি বনাঞ্চলিক বিষয়াক অৱগত কৰে ৷ বনকৰ্মীৰ তথ্যৰ আধাৰত ঘটনাস্থলীত উপস্থিত হৈ বনাঞ্চলিক বিষয়াই গঁড়টো এদিনৰ আগত পাৰস্পকিক যুঁজত মৃত্যু হোৱা বুলি জনায় ৷ আজি পুৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভাগীয় পশু চিকিৎসকৰ দল ঘটনাস্থলীত উপস্থিত হৈ মৃত গঁড়টোৰ মৰোনোত্তৰ পৰীক্ষা কৰে ৷ পৰীক্ষাৰ সময়ত মৃত গঁড়টোৰ নাকৰ হাড় অক্ষত অৱস্থাত আৰু খৰ্গৰ কিছু ভগা অংশ হাড়ৰ লগত সংলগ্ন হৈ থকা অৱস্থাত পোৱা হয়  ৷ খৰ্গৰ বাকী অংশ অন্য পাৰস্পৰিক যুঁজৰ সময়ত অন্য গঁড়ৰ আক্ৰমনৰ ফলত সৰি পৰা বুলি জনাইছে বন বিষয়াই ৷ মৰোনোত্তৰ পৰীক্ষাত মৃত গঁড়টোৰ শৰীৰত গুলীৰ আঘাতৰ কোনো চিন পোৱা নাই যদিও পাৰস্পৰিক যুঁজৰ আঘাত স্পষ্ট বুলি পশু চিকিৎসকে জনাইছে ৷ মৃত গঁড়টোৰ সৰি পৰা খৰ্গৰ টুকুৰাৰ সন্ধানত এতিয়া বুঢাপাহাৰ বনাঞ্চলৰ টুনিকাটি এলেকাত অভিযান চলাইছে বনকৰ্মী সকলে ৷ 

ইফালে দিন ৰাতি একাকাৰ কৰি ২৪ ঘন্টাই কৰ্তব্য পালন কৰা কাজিৰঙাৰ বনকৰ্মীয়ে ইলেক্ট্ৰনিকচ আইৰ সহায়ত যোৱা নিশা প্ৰায় ১ বজাত ৰাষ্ট্ৰীয় উদ্যানখনৰ অগৰাতলি বনাঞ্চলৰ দেবেশ্বৰী বন শিৱিৰ এলেকাত দুখন নাওঁ প্ৰত্যক্ষ কৰে ৷ পিচত বনাঞ্চলিক বিষয়াৰ নেতৃত্বত অভিযান চলায় বনকৰ্মীৰ দলে নাওঁ দুখন জব্দ কৰি চাৰিজন লোকক আটক কৰে ৷ চাৰিজন লোককেই আজি ন্যায়িক জিম্মালৈ  প্ৰেৰণ কৰে উদ্যান কৰ্তৃপক্ষই ৷ 

*********