কাজিৰঙাত ডি এন এ বিশ্লেষণৰ বাবে কোষাগাৰত ইতিমধ্যেই ৰখা গঁড়ৰ খৰ্গৰ ক্ষুদ্ৰাংশৰ পৰা নমুনা সংগ্ৰহৰ কাম আৰম্ভ : ডেৰাডুনৰ বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ গৱেষণাগাৰলৈ প্ৰেৰণ কৰিব এই সমুহ নমুনা :

Aiidesh News  : 4 June - 2025  : 

কাজিৰঙাত আৰম্ভ হৈছে গঁড়ৰ সংগৃহীত খৰ্ড়ৰ ক্ষুদ্ৰাংশৰ পৰা নমুনা সংগ্ৰহৰ কাম ৷ কাজিৰঙাৰ কঁহৰাত থকা বন বিভাগৰ মহি মিৰি প্ৰেক্ষাগৃহত কটকটীয়া নিৰাপত্তাৰ মাজত চৰকাৰী কোষাগাৰৰ পৰা অনা খৰ্গৰ ক্ষুদ্ৰাংশৰ পৰা পুনৰ নমুনা সংগ্ৰহ কৰাৰ কাম ৩ জুনৰ পৰা আৰম্ভ হৈছে ৷ চৰকাৰী কোষাগাৰত পুৰ্বতে সংগৃহীত কৰি ৰখা ক্ষুদ্ৰাংশৰ পৰা পুনৰ নমুনা সংগ্ৰহ কৰি ডি এন এ সংগ্ৰহ আৰু বিশ্লেষণৰ বাবে ডেৰাডুনত থকা বন্যপ্ৰাণীৰ প্ৰতিষ্ঠানৰ গৱেষণাগাৰলৈ প্ৰেৰণ কৰিব অসমৰ বন বিভাগে ৷ কিয়নো ডি এন এ বিশ্লেষনৰ বাবে চৰকাৰী অনুমতি আৰু উচ্চ প্ৰযুক্তিৰ গৱেষণাগাৰৰ প্ৰয়োজন ৷ ডি এন এ বিশ্লেষণৰ বাবে ডেৰাডুনত থকা বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ গৱেষণাগাৰেই দেশৰ ভিতৰত অন্যতম ৷

কাজিৰঙাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সংগৃহীত কৰি ৰখা গঁড়ৰ খৰ্গৰ অংশৰ পৰা সংগ্ৰহ কৰা নমুনা ডেৰাডুনত থকা বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ  গৱেষণাগাৰলৈ অচিৰেই প্ৰেৰণ কৰা হ'ব ৷ বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ গৱেষণাগাৰত ডি এন এৰ বিশেষজ্ঞৰ দলে এই খৰ্গৰ নমুনাৰ বোৰৰ পৰা প্ৰতিটো নমুনাৰে ডি এন এ বিশ্লেষণ কৰিব ৷ এই ডি এন এ বিশ্লেষণ তথ্যৰ পৰা গঁড়ৰ বংশগতি, আৱাস, প্ৰজনন ক্ষমতা, আচৰন আদিৰ বহু তথ্য পোৱা যাব ৷ ৩ জুনৰ পৰা আৰম্ভ হোৱা নমুনা সংগ্ৰহৰ এই কামৰ বাবে অসম চৰকাৰৰ বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষকে এখন সমিতি গঠন কৰি দিছে ৷ এজন মুখ্য বনসংৰক্ষক নেতৃত্বত বন গৱেষনা প্ৰতিষ্ঠান আৰু বেচৰকাৰী সংগঠনৰ ডি এ এনে বিশেষজ্ঞ, বন বিষয়া আৰু চাৰিজন নিৰপেক্ষ পৰ্যবেক্ষক লৈ এই সমিতি গঠন কৰা হৈছে ৷ সম্প্ৰতি চাৰিজন পৰ্যবেক্ষকৰ উপস্থিতিত কাজিৰঙাত গঁড়ৰ খৰ্গৰ ইতিমধ্যেই সংগ্ৰহ কৰি ৰখা ক্ষুদ্ৰাংশৰ পৰা পুনৰ নমুনা সংগ্ৰহৰ কাম চলি আছে ৷ কাজিৰঙাত সম্প্ৰতি সংগৃহীত এই নমুনা বিধি সন্মত আৰু সুৰক্ষিত ব্যৱস্থাৰে টোপোলা কৰি বন্যপ্ৰাণী প্ৰতিষ্ঠানলৈ অচিৰেই প্ৰেৰণ কৰিব অসমৰ বনবিভাগে ৷

উল্লেখ্য যে ২০২১ চনৰ ২২ ছেপ্টেম্বৰত বিশ্ব গঁড় দিৱসৰ দিনা ৰাজ্যৰ ৰাজ্যৰ বিভিন্ন মালখানাত জমা হৈ থকা ২,৪৭৯ টা গঁড়ৰ খৰ্গ মুখ্যমন্ত্ৰীৰ উপস্থিতিত ৰাজহুৱা ভাৱে বোকাখাতৰ ৰাজহুৱা খেল পথাৰত দাহ কৰা হৈছিল ৷ দাহ কৰা আগতেই এই খৰ্গ সমুহৰ পৰা ক্ষুদ্ৰাংশ সংগৃহীত কৰি ৰাখি চৰকাৰী কোষাগাৰত জমা ৰখা হৈছিল ৷ গঁড়ৰ খৰ্গৰ এই ক্ষুদ্ৰাংশৰ পৰাই সম্প্ৰতি পুনৰ ডেৰাডুনৰ বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ গৱেষণাগাৰলৈ পঠাবৰ বাবে নুমনা সংগ্ৰহ কৰি থকা হৈছে ৷ নমুনা সংগ্ৰহৰ পিচত বাকী থকা অংশ পুনৰ বিধিগত ভাৱে সংৰক্ষণ কৰি চৰকাৰী কোষাগাৰত ভৱিষ্যতৰ বাবে ৰখা হ'ব বুলি বিভাগীয় সুত্ৰত প্ৰকাশ ৷ নিৰাপত্তা, স্বচ্চতা আৰু পৰিস্কাৰ ব্যৱস্থাৰ মাজত অতি সুক্ষ্মতাৰে কাজিৰঙাৰ কঁহৰাত চলি থকা ২,৪৭৯ খৰ্গৰ ক্ষুদ্ৰাংশৰ পৰা নমুনা সংগ্ৰহৰ এই কাম আৰু দহ দিনৰ বাবে চলিব পাৰে বুলি বিভাগীয় সুত্ৰত প্ৰকাশ ৷

*********