নিশাৰ ভাগত চিকাৰ বিচাৰি ওলায় অহা এটা লাজুকী বান্দৰক ডিফলু ওলমা দলংৰ পৰা কৰায়ত্ব কৰে একাংশ লোকে : সচেতন লোকৰ তৎপৰত্তাত পিচত বন বিভাগক অৰ্পণ :

নিশাৰ ভাগত চিকাৰ বিচাৰি ওলায় অহা এটা লাজুকী বান্দৰক ডিফলু ওলমা দলংৰ পৰা কৰায়ত্ব কৰে একাংশ লোকে  : সচেতন লোকৰ তৎপৰত্তাত পিচত বন বিভাগক অৰ্পণ :
Aiidesh Photo
নিশাৰ ভাগত চিকাৰ বিচাৰি ওলায় অহা এটা লাজুকী বান্দৰক ডিফলু ওলমা দলংৰ পৰা কৰায়ত্ব কৰে একাংশ লোকে  : সচেতন লোকৰ তৎপৰত্তাত পিচত বন বিভাগক অৰ্পণ :

Aiidesh News  : 22 May - 2024  : 

বোকাখাত কাৰ্বি আংলং সিমান্তৰ পাহাৰৰ পাদদেশৰ ডিফলু চাহ বাগিছাৰ ওলমা দলংৰ পৰা আজি সন্ধিয়া এটা লজুকী বান্দৰ কৰায়ত্ব কৰে স্থানীয় লোকে ৷ নিশাচৰ প্ৰাণীটো ওলমা দলংৰ তাঁৰত ওলমি গৈ থকা অৱস্থাতে শহাপহু বুলি কৰায়ত্ব কৰে একাংশ লোকে ৷ লাজুকী বান্দৰটো কৰায়ত্ব কৰা সময়ত এজনক কামুৰি আহতো কৰে লাজুকী বান্দৰটোয়ে ৷ পিচত স্থানীয় সচেতন লোকৰ তৎপৰতাত কৰায়ত্ব কৰা লাজুকী বান্দৰটোৰ বিষয়ে বোকাখাত বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ক অৱগত কৰাত বনকৰ্মী গৈ লাজুকী বান্দৰটো উদ্ধাৰ কৰি পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰক অৰ্পণ কৰে ৷ উল্লেখ্য যে লাজুকী বান্দৰ নিশাচৰ হোৱাৰ উপৰিও বিষাক্ত প্ৰাণী ৷ ইয়াৰ হাতৰ গাঁঠিৰ সমীপত থকা বিহ গ্ৰন্ঠিৰ পৰা ওলোৱা বিহেৰে ই শক্ৰক আক্ৰমন কৰে ৷ ই আক্ৰমনত প্ৰয়োগ কৰা বিষাক্ত পদাৰ্থৰ প্ৰভাৱত শত্ৰুৰ মৃত্যুও হ'ব পাৰে ৷

*********